
বাক্সা, ১৭ মে’ (হি.স.)। বাক্সাৰ বাৰেঙাবাৰীত ১৫ দিনীয়া কাবাডী প্ৰশিক্ষণৰ সামৰণি পৰে । মানাহ পেন্থাৰ স্পোৰ্টচ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় এই কাবাডী প্ৰশিক্ষণ।
উল্লেখ্য় যে খেলৰ প্ৰতি খেলুৱৈ সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাবাডী প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। এই কাবাডী প্ৰশিক্ষণৰ যোগেদি এই অঞ্চলৰ খেলুৱৈ সকল আগবাঢ়ি যাব বুলি মন্তব্য কৰে উদ্যোক্তাসকলে । উল্লেখ্য যে কাবাডী প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা