
কামৰূপ, ১৭ মে’ (হি.স.): কামৰূপৰ নিজ গন্ধমৌত যোৱা কালি শনিবাৰে নিশা গেলামালৰ দোকানত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়।দোকানৰ টিঙ চালি কাটি চিলিং ভাঙি চোৰে লুটিলে নগদ ধন সহ বহু সামগ্ৰী।
নিজ গন্ধমৌ পানী অফিচ চ’কত থকা স্বত্বাধিকাৰী ৰমেন মালাকাৰৰ গেলামাল দোকানত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা । আজি ৰাতিপুৱা দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে চুৰি হোৱা দৃশ্য । চোৰে প্ৰথমে দোকানৰ টিঙৰ চালি কাটি চিচিটিভি সংযোগী তাৰ কাটি দোকানৰ ভিতৰত প্ৰৱেশ কৰি লুটপাত চলায় । গেলামালৰ দোকানৰ পৰা প্ৰায় ৪০ হাজাৰ নগদ ধনৰ সহ লুটি নিয়ে গেলামালৰ সামগ্ৰী । আনহাতে, ঘটনা স্থলীত শুৱালকুছি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ