
কামৰূপ, ১৭ মে’ (হি.স.): ৰঙিয়াত অবৈধ কাঠৰ মিলৰ শ্ৰমিক এজন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰে । মৃত লোকজন ৰঙিয়াৰ বৰ লেছাকোনাৰ মাধৱ কলিতা বুলি পৰিচয় পোৱা গৈছে । ৫০ বছৰীয়া মাধৱে কাঠৰ মিলত যোৱা কালি শনিবাৰে বিয়লি ট্ৰেক্টৰৰ পৰা গছৰ কুণ্ডা নমাই থাকোতে তেওঁৰ ওপৰত কুণ্ডা বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । লগে লগে মাধৱক হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যেই মৃত ঘোষণা কৰে।
ইফালে মিলটোত দুৰ্ঘটনা গ্ৰস্ত হৈ মৃত্যু হোৱাৰ পিছত আৰক্ষীক জনোৱাৰ পৰিবৰ্তে মিলটোৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে । জাকিৰ হুছেইনে মাধৱৰ মৃত্যুৰ পিছত মৃতদেহটো ঘৰত থৈ অহাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীক নজনাবলৈ পৰিয়ালক কয় । ইফালে ঘটনাটোৰ পিছতে পলায়ন কৰে জাকিৰ হুছেইনে। আনহাতে আৰক্ষীয়ে অবৈধ কাঠৰ মিলটোৰ মেচিনসহ যন্ত্ৰ-পাতি জব্দ কৰি আনে।কিন্তু দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেক্টৰখনৰ সন্ধান উলিয়াব পৰা নাই বৰ্তমানলৈ আৰক্ষীয়ে। মিলটোৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনে ট্ৰেক্টৰখন লুকাই থোৱা বুলি অভিযোগত প্ৰকাশ পাইছে । ট্ৰেক্টৰখনৰ বৈধ নথি-পত্ৰ আছে নে নাই সেই লৈও প্ৰশ্ন উত্থাপিত হৈছে । আৰক্ষীৰ উচিত তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য। আনফালে দীৰ্ঘদিন ধৰি মিলটো অবৈধভাৱে চলাই থকাৰ পিছতো ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ে কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ