
হাইলাকান্দি, ১৭ মে’ (হি.স.): হাইলাকান্দি জিলাৰ লক্ষীৰবন্দ প্ৰথম খণ্ডৰ গংগাপাৰ ধুমকৰ অঞ্চলত মাত্ৰ তিনি মাহ পূৰ্বে নিৰ্মাণ কৰা এটা গুৰুত্বপূর্ণ পথ পুনৰ খহি পৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি হৈছে। লাখ লাখ টকা ব্যয় কৰি ব্লক বহুৱাই নিৰ্মাণ কৰা পথটোৰ মাজভাগ হঠাৎ ভাঙ যোৱাত যাতায়াত সম্পূৰ্ণ বিপদজনক হৈ পৰিছে।
দৈনন্দিন যাতায়াত কৰা সাধাৰণ ৰাইজ, বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িয়াই নিয়া বাহনসহ সকলো লোকেই এতিয়া চৰম সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, পথটোৰ কাষেৰে বৈ যোৱা লক্ষ্মীনগৰ খালৰ গভীৰতা দীৰ্ঘদিন ধৰি বৃদ্ধি পাই আহিছে। কিন্তু খালটোৰ সঠিক সংস্কাৰ নোহোৱাৰ ফলত পানীৰ চাপ আৰু মাটিক্ষয়ে পথৰ তলৰ অংশ দুৰ্বল কৰি তুলিছে। তাৰ ফলতেই বাৰে বাৰে একেই স্থানত খহি পৰি আহিছে বুলি দাবী কৰিছে অঞ্চলবাসীয়ে ।
ইয়াৰ উপৰিও, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু দায়িত্বহীনতাৰ অভিযোগ উত্থাপন হৈছে পূর্ত বিভাগৰ বিৰুদ্ধে । স্থানীয় লোকসকলে কয় যে, প্ৰতিবাৰ পথ ভাঙি পৰাৰ পিছত কেবল ওপৰত নামমাত্ৰ মেৰামতি চলোৱা হয়, কিন্তু স্থায়ী সমাধানৰ বাবে কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহয়। ফলত চৰকাৰী ধনৰ অপচয় হোৱাৰ লগতে সাধাৰণ ৰাইজকো ভুগিবলগীয়া হৈছে । এতিয়া অঞ্চলবাসীয়ে বৈজ্ঞানিক পদ্ধতিত মাটি পৰীক্ষা কৰি, খালৰ স্থায়ী সংস্কাৰ আৰু শক্তিশালী ভিত্তিৰে পুনৰ পথ নিৰ্মাণৰ দাবী জনাইছে। অন্যথা আগন্তুক দিনতো পুনৰ একেই পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ