
বিশ্বনাথ, ১৭ মে’ (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ অসম অৰুনাচল সীমান্তৰ ৰাজগড় লক্ষিপুৰ অঞ্চলত পথৰ দুৰৱস্থাই জনতাক জ্বলাকলা খুৱাইছে । দুয়োখন ৰাজ্যৰ লোকে যাতায়ত কৰা পথটিৰ অৱস্থা শোচনীয় হৈ পৰিছে । প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত পানী জমা হোৱাৰ লগতে পানী ফালি যাতায়াত কৰে ৰাইজে ৷
ইফালে পথৰ উপৰেদি বৈ গৈছে এখন নদী ৷ কেইবছৰ মানৰ আগতে অৰুণাচল চৰকাৰে পথটি বনাইছিল যদিও বৰ্তমান সময়ত অসমেই হওঁক, অৰুনাচলেই হওঁক পথটি পুনৰ নিৰ্মানৰ ক্ষেত্ৰত কিন্তু কোনোধৰণৰ গুৰুত্ব প্ৰদাণ কৰা নাই । যাৰ ফল ভুগিছে ৰাইজে । পথটোৰ দুৰাৱস্থাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ব্যৱসায় কৰিবলৈ ওলাই আহি ভীষণ অসুবিধাৰ সন্মুখিন হ’ব লগাত পৰিছে৷ এইক্ষেত্ৰত পথটি যাতায়ত সূচল কৰিবলৈ ভূক্তভোগী লোকসকলে আৰ্জি জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ