নুমলীগড়ৰ ৰংবং ত আঘাতপ্ৰাপ্ত এটা বন্যহস্তীৰ বিচৰণ
গোলাঘাট, ১৭মে (হি.স.)। নুমলীগড়ৰ ৰংবং ত আঘাতপ্ৰাপ্ত এটা বন্যহস্তীৰ বিচৰণ। মাজ নিশা এক নং ৰংবং ৰ চাহ বাগিচাত প্ৰৱেশ কৰা হাতীটোৱে চাহ বাগিচাৰ মাজেৰে অতি কষ্টেৰে বিচৰণ কৰি ফুৰা প্ৰত্য়ক্ষ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে এই আঘাতপ্ৰাপ্ত হাতীটোৰ সৈতে আছে
নুমলীগড়ৰ ৰংবং ত আঘাতপ্ৰাপ্ত এটা বন্যহস্তীৰ বিচৰণ


গোলাঘাট, ১৭মে (হি.স.)। নুমলীগড়ৰ ৰংবং ত আঘাতপ্ৰাপ্ত এটা বন্যহস্তীৰ বিচৰণ। মাজ নিশা এক নং ৰংবং ৰ চাহ বাগিচাত প্ৰৱেশ কৰা হাতীটোৱে চাহ বাগিচাৰ মাজেৰে অতি কষ্টেৰে বিচৰণ কৰি ফুৰা প্ৰত্য়ক্ষ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে এই আঘাতপ্ৰাপ্ত হাতীটোৰ সৈতে আছে বনৰীয়া হাতীৰ এটা সৰু জাকো।

জিলা বনবিভাগক অঞ্চলটোত আঘাটপ্ৰাপ্ত বন্যহস্তী আন বন্য়হস্তীৰ সৈতে বিচৰণ কৰি থকা বিষয়টো অবগত কৰা হৈছে। অঞ্চলটোত বৰ্তমান আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande