নাজিৰাৰ ৬৬তম্ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত অভিনেতা অৰুণ হাজৰিকালৈ “ৰমণী গাভৰু বঁটা”প্ৰদান
শিৱসাগৰ, ১৭মে (হি.স.)। নাজিৰাৰ শিমলুগুৰি কেন্দুগুৰিৰ ৬৬তম্ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকালৈ “ৰমণী গাভৰু বঁটা”প্ৰদান। নাজিৰাৰ শিমলুগুৰিৰ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হা
নাজিৰাৰ ৬৬তম্ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত অভিনেতা অৰুণ হাজৰিকালৈ “ৰমণী গাভৰু বঁটা”প্ৰদান


শিৱসাগৰ, ১৭মে (হি.স.)। নাজিৰাৰ শিমলুগুৰি কেন্দুগুৰিৰ ৬৬তম্ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱত অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকালৈ “ৰমণী গাভৰু বঁটা”প্ৰদান।

নাজিৰাৰ শিমলুগুৰিৰ কেন্দুগুৰি আঞ্চলিক দ্বি-বাৰ্ষিক ব’হাগী বিদায় উৎসৱ শুক্ৰবাৰ আৰু শনিবাৰ দুদিনীয়াকৈ অনুষ্ঠিত হৈ যায়৷ সামৰণি দিনা অসমীয়া বোলছবি জগতৰ অভিনেতা নেত্ৰ কাই খ্যাত অৰুণ হাজৰিকালৈ চলিত বৰ্ষৰ “ৰমণী গাভৰু বঁটা” প্ৰদান কৰা হয়৷

প্ৰতিবছৰে প্ৰদান কৰি অহা হৈছে এই “ৰমণী গাভৰু বঁটা”৷ বঁটা গ্ৰহণ কৰি নেত্ৰ কাই খ্যাত অৰুণ হাজৰিকাই ৰাইজক উদ্দেশ্যি মন্তব্য প্ৰদান কৰাৰ লগতে বিহুগীত পৰিৱেশনেৰে উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক প্ৰদান কৰে৷

পুনৰ ৰাইজৰ মাজলৈ আহিবলগীয়া অসমীয়া বোলছবি “জোনবাই”ক লৈও আশাবাদী অভিনেতা গৰাকী৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande