
কামৰূপ, ১৭ মে’ (হি.স.)। উত্তৰ গুৱাহাটীৰ ৰাইনো ইণ্ড্ৰাষ্টিয়েল পাৰ্ক (RHINO INDUSTRIAL PARK) ত জিএছটি বিভাগৰ অভিযান চলে । দীৰ্ঘসময় ধৰি এছএম ইছপেট (SM ESPATE) ত এই অভিযান চলায় জিএছটি বিভাগে ।
উদ্যোগ কৰ্তৃপক্ষই বৃহৎ পৰিমাণৰ জিএছটি ফাঁকি দিয়াৰ অভিযোগৰ ভিত্তিতে এই অভিযান চলোৱা বুলি সদৰি কৰে জিএছটি বিষয়া মনোজ দুৱৰীয়ে । বিভাগে প্ৰতিষ্ঠানটোৰ তথ্য-পাতিবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত অভিযোগ প্ৰমাণিত হ'লে জিএছটি আইনৰ গণ্ডিত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে ।
অৱশ্যে তদন্ত প্ৰক্ৰিয়া কিছু দীঘলীয়া হ'ব বুলি উল্লেখ কৰে বিষয়া গৰাকীয়ে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা