
বৰপেটা, ১৭ মে (হি.স.)। গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে একাংশ হিতাধিকাৰীক । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলে চৰকাৰে প্ৰদান কৰা ধনেৰে গৃহ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰি সম্প্ৰতি হাহাকাৰ কৰিব লগীয়া হৈছে । একাংশ হিতাধিকাৰীৰ মতে ১০ বছৰ পূৰ্বে এনে গৃহ নিৰ্মাণৰ নামত হিতাধিকাৰীক ১ লাখ ৩২ হাজাৰ টকা দিছিল আৰু আজিও সেইখিনি ধনেই প্ৰদান কৰা হয় হিতাধিকাৰীক। বিগত ১০ বছৰত গৃহ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি হোৱা সত্বেও চৰকাৰে পেমেণ্ট গৃহ নিৰ্মাণৰ ধন বৃদ্ধি কৰা নাই। এনে পৰিস্থিতিত বহু দৰিদ্ৰ হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰিব পৰা নাই গৃহ নিৰ্মাণৰ কাম। এইক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী হিতাধিকাৰীসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ