
যোৰহাট, ১৭ মে (হি.স.)। তিতাবৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। বৃহৎ পৰিমাণৰ গাঞ্জা সহ আটক দুজন সৰবৰাহকাৰী। শিলচৰ তিনিচুকীয়া উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত শিলচৰৰ পৰা আনিছিল গাঞ্জাখিনি । উপ-আৰক্ষী অধীক্ষক কৰ্ণৱ পাটোৱাৰীৰ নেতৃত্বত চলা এক অভিযানত ১৯ কেজি গাঞ্জা সহ আটক কৰে দুই সৰহবৰাহকাৰীক। আটকাধীন ধৃত ব্যক্তি দুজন হল যোৰহাটৰ টোকলাই তৰুণ নগৰৰ নৃপেন দাস আৰু যোৰহাট ৰজাবাৰীৰ ৰিয়াজুল হুছেইন ।ব্ৰহ্মপুত্ৰ মেইলৰ পৰা তিতাবৰ ষ্টেচনত নামি যোৰহাটলৈ যাবলৈ লওতেই তিতাবৰ চাৰি আলিত আৰক্ষীয়ে ৯ পেকেট গাঞ্জা সহ আটক কৰে ধৃত লোক দুজনক। জব্দকৃত গাঞ্জা খিনিৰ মূল্য প্ৰায় এক লাখ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ