দক্ষিণ শালমাৰাৰ মনিৰচৰত কল খেতিৰে জীৱিকাৰ পথ বাছি লৈছে শ শ কৃষক
দক্ষিণ শালমাৰা মানকাচৰ, ১৭ মে’ (হি.স.)। দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ মনিৰচৰ গাঁওখনত আৰম্ভ হৈছে এক উল্লেখযোগ্য কৃষি বিপ্লৱ। এই কৃষি বিপ্লৱে গাঁওখনৰ অৰ্থনীতিৰ গতি সলনি কৰি লৈছে, আনহাতে শতাধিক লোককো স্বাৱলম্বীতাৰ পথত আগবঢ়াই লৈ গৈছে । গাঁওখনত এতিয়া শ
দক্ষিণ শালমাৰাৰ মনিৰচৰত কল খেতিৰে জীৱিকাৰ পথ বাছি লৈছে শ শ কৃষক


দক্ষিণ শালমাৰা মানকাচৰ, ১৭ মে’ (হি.স.)। দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ মনিৰচৰ গাঁওখনত আৰম্ভ হৈছে এক উল্লেখযোগ্য কৃষি বিপ্লৱ। এই কৃষি বিপ্লৱে গাঁওখনৰ অৰ্থনীতিৰ গতি সলনি কৰি লৈছে, আনহাতে শতাধিক লোককো স্বাৱলম্বীতাৰ পথত আগবঢ়াই লৈ গৈছে । গাঁওখনত এতিয়া শ শ বিঘা মাটিত ব্যাপকভাৱে কলৰ খেতি কৰা হৈছে।

স্থানীয় খেতিয়কৰ মতে, প্ৰতি বিঘাত মাটাত ২০ হাজাৰৰ পৰা ৩০ হাজাৰ টকা পৰ্যন্ত লাভ উপাৰ্জন কৰিব পাৰিছে । ফলস্বৰূপে, মনিৰচৰৰ বহু খেতিয়কে এতিয়া নতুন আশা আৰু উদ্যমেৰে কল খেতিকে পেছা হিচাপে গ্ৰহণ কৰিছে । কল খেতিৰ কৃষি কাৰ্য্যত শতাধিক শ্ৰমিক দৈনিকভাৱে কাম কৰি উপাৰ্জন লাভ কৰি আছে।

মনকৰিবলগীয়া যে, আগতে যিটো অঞ্চল খেতিৰ বাবে উপযুক্ত বুলি কোৱা নাছিল, সেই চৰাঞ্চলৰ বালিমাটিতে আজিকালি খেতিয়কৰ কঠোৰ পৰিশ্ৰম ফলত সেউজীয়া বিপ্লৱৰ যেন সুচনা কৰিছে । এই কৃষি বিপ্লৱ যদি এইদৰে আগবাঢ়ি যায়, তেন্তে মনিৰচৰ অঞ্চলৰ লগতে সমগ্ৰ দক্ষিণ শালমাৰাৰ শ্ৰেষ্ঠ কৃষি উৎপাদনৰ কেন্দ্ৰ হিচাপে পৰিচিত হ'ব ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande