
–৭ মাহত ১ কোটি ৫০ লাখ টকাৰ ৰাজহ সংগ্ৰহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃৃপক্ষৰ
বাক্সা, ১৭ মে’ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানে কঢ়িয়াই আনিছে এক আশাৰ বতৰা । ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উদ্যানখনে । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰে জানিবলৈ দিয়া অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন ঘটা পৰ্যটকৰ সংখ্যা এইবাৰ বৃদ্ধি পাইছে । ২০২৫-২৬ চলিত পৰ্যটন বৰ্ষত ৭ মাহত ১ কোটি ৫০ লাখ টকাৰ ৰাজ সংগ্ৰহ কৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই। বৰ্তমান পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ ৬১ হাজাৰ দেশী পৰ্যটক আৰু ১৬ শ বিদেশী পৰ্যটকৰ আগমন ঘটিছে। বৰ্তমান পৰ্যন্ত পৰ্যটকৰ আগমন ঘটিয়েই আছে ৰাষ্ট্ৰীয় উদ্যানখনলৈ।
এই পৰ্যটন বৰ্ষৰ বাবে জুন মাহৰ ২৫ তাৰিখলৈ খোলা থাকিব ৰাষ্ট্ৰীয় উদ্যানখন। ইয়াৰ পাছতেই প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৩ মাহ বন্ধ ৰখা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটক সকলে মানাহৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে বাঘ, ঘোং, হাতী, গঁড়, বনৰীয়া ম'হ বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ মুক্ত বিচৰণ নিচেই কাষৰ পৰাই প্ৰত্যক্ষ কৰি আনন্দিত হৈ পৰিছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘকে ধৰি ভিন্ন জীৱ -জন্তুৰ সংখ্যা।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা