
গোলাঘাট, ১৭ মে’ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ পথ-উপ পথত সুৰক্ষিত নহয় মহিলা । যোৱা কালি বিয়লি এগৰাকী অকলশৰীয়া মহিলাক দূৰ্ব্যৱহাৰ কৰে অচিনাক্ত যুৱকে ।
জানিব পৰামতে, খোজকাঢ়ি যোৱা মহিলাক পাছফালৰ পৰা অচিনাক্ত যুৱকে প্ৰহাৰ কৰে । যোৱা কালি শনিবাৰে বিয়লি দেৰগাঁৱৰ পূজাৰীচুকত সংঘটিত হৈছে এই ঘটনা । চি চি কেমেৰাত আবদ্ধ হৈছে যুৱক জনৰ ছবি । ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে । ভুক্তভোগী মহিলা গৰাকী দেৰগাঁও পূজাৰী চুকৰ প্ৰিয়ংকা পাচুং দলে বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ