
নতুন দিল্লী, ১৭ মে’(হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ছয়দিনীয়া পাঁচখন দেশৰ বিদেশ ভ্ৰমণৰ তৃতীয় দিনা দেওবাৰে নেদাৰলেণ্ডৰ পৰা ছুইডেনত উপস্থিত হয় । ছুইডেনত প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ছুইডেনৰ মাজত বাণিজ্য, বিনিয়োগ, উদ্ভাৱন আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক শক্তিশালী কৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে যে তেওঁ ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনক সাক্ষাৎ কৰিব। ভাৰত-ছুইডেনৰ বন্ধুত্বক নতুন দিশ দিয়াৰ বিষয়ে আলোচনা কৰিব দুয়োগৰাকী নেতাই। তেওঁ কয় যে বাণিজ্য, বিনিয়োগ, উদ্ভাৱন, আৰু প্ৰতিৰক্ষা আদি ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হ’ব।
আন এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছন আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনৰ সৈতে ইউৰোপীয় ব্যৱসায়িক গোলটেবুলত ইউৰোপৰ আগশাৰীৰ উদ্যোগপতি আৰু ব্যৱসায়িক নেতাসকলকো সাক্ষাৎ কৰিব। তেওঁ উল্লেখ কৰে যে এই বৈঠকে ভাৰত আৰু ইউৰোপৰ মাজত বিনিয়োগৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু ইউৰোপৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্বৰ নতুন সুযোগ প্ৰদানৰ ক্ষেত্ৰত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব। এই ভ্ৰমণে ভাৰত-ছুইডেনৰ সম্পৰ্কত নতুন গতি প্ৰদান কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া