শিৱসাগৰ জিলা প্ৰশাসনৰ ম’কড্ৰিল
শিৱসাগৰ জিলা প্ৰশাসনে Mock Drill।
শিৱসাগৰ জিলা প্ৰশাসনৰ ম’কড্ৰিল


শিৱসাগৰ, ১৭ মে’ (হি.স.): শিৱসাগৰৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল চেন্ট্ৰেল মাৰ্কেটত বোমাৰ শব্দ, হঠাৎ বাজি উঠিল চাইৰেন, ৰাইজৰ মাজত হুৱা-দুৱাৰ সৃষ্টি কৰিলে । এইদৰে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা দপ্তৰত আৰু অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনে ম’কড্ৰিল (Mock Drill) বা নকল আখৰা সম্পন্ন কৰে।

শিৱসাগৰ জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত ম’কড্ৰিল কৰি যুদ্ধৰ সময়ত বিমান আক্ৰমণ হ'লে কিদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব তাৰেই অনুশীলন কৰে। চিকিৎসা ব্যৱস্থা, অগ্নিনিৰ্বাপক বাহিনী, উদ্ধাৰকাৰী সংস্থাই কি কৰিব যুদ্ধৰ সময়ত, কেনেকৈ কৰিব মোকাবিলা । সাধাৰণ নাগৰিকক কেনেকৈ উদ্ধাৰ কৰিব তাৰ বাবেই এই আখৰা কৰা হৈছিল । যোৱা কালি শনিবাৰে সন্ধিয়া ৬ বাজি ১৫ মিনিটৰ পৰা ৭ বাজি ১৫ মিনিটৰ ভিতৰত এই নকল আখৰা কাৰ্য্যসূচী সম্পন্ন হয় । শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত জিলা প্ৰশাসনৰ দ্বাৰা সম্পন্ন হোৱা নকল আখৰা কাৰ্য্যসূচীৰ পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰি দিয়াৰ লগতে বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande