
ডিব্ৰুগড়, ১৭ মে’ (হি.স.): সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো যোৱা কালি সন্ধিয়া ডিব্ৰুগড় জিলা প্ৰশাসনে ডিব্ৰুগড় মহানগৰ জালোক বাৰিত ম’ক ড্ৰিল কাৰ্যসূচী ৰূপায়ণ কৰে। বোমা বাৰুদেৰে শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰিলে ৰাইজে কেনেদৰে পৰিস্থিতিৰে মোকাবিলা কৰিব তাৰেই এক অনুশীলণ কৰি ৰাইজ আগত প্ৰদৰ্শন কৰি দেখুৱায় ।
প্ৰথমতে এছ ডি আৰ এফ বাহিনীয়ে এক নমোনা ৰাইজৰ আগত প্ৰদৰ্শন কৰে । উদ্ধাৰ অভিযান কেনেকৈ চলাব লাগে, সংকটজনক অৱস্থাত আহত সকলক চিকিৎসালয়লৈ লৈ কেনেদৰে লৈ যাব তাৰো এক নমুনা দেখোৱালে এছ ডি আৰ এফ বাহিনীয়ে । যুদ্ধৰ পৰিৱেশ সৃষ্টি হ’লে ৰাইজে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত তথা দুৰ্য্যোগ প্ৰশাসন বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, সেনা বাহিনী এছডিআৰএফ বাহিনী চিভিল ডিফেন্স, অসম আৰক্ষীৰ নিজ নিজ কৰ্তব্যৰ লগতে ৰাইজৰ কৰণীয় কি তাকেই অৱগত কৰাৰ বাবে যোৱা কালি শনিবাৰে সন্ধিয়া ডিব্ৰুগড় মহানগৰৰ জালোকবাৰিত ডিব্ৰুগড় প্ৰশাসনৰ লোকে ম’কড্ৰিল অনুশীলন কৰি ৰাইজৰ আগত দাঙি ধৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ