
ধুবুৰী ১৭ মে (হি.স.): ধুবুৰীত যোৱা কালি শনিবাৰে সন্ধিয়া হঠাতে হুৱাদুৱা ময় পৰিৱেশ। বোমা বাৰুদেৰে শত্ৰু ৰাষ্ট্ৰৰ আক্ৰমনৰ পৰিৱেশ। চৌদিশে ৰক্তাক্ত পৰিৱেশ । কিছু সময়ৰ পিছতেই এছ ডি আৰ এফ বাহিনীয়ে আৰম্ভ কৰিলে উদ্ধাৰ অভিযান। সংকটজনক অৱস্থাত আহত সকলক চিকিৎসালয়ত লৈ যোৱাৰ যোজা । এইদৰে চলোৱা হ’ল যুদ্ধৰ সময়ৰ আখৰা।
যুদ্ধৰ পৰিৱেশ সৃষ্টি হলে ৰাইজে কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত । দুৰ্য্যোগ প্ৰশাসন বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, সেনা বাহিনী বা এছডিআৰএফ বাহিনী চিভিল ডিফেন্স, অসম আৰক্ষীৰ নিজ নিজ কৰ্তব্যৰ লগতে ৰাইজৰ কৰণীয় কি তাকেই অৱগত কৰাৰ বাবে যোৱা কালি শনিবাৰে সন্ধিয়া ধুবুৰীৰ ১ নং ৱাৰ্ডত অনুষ্ঠিত হয় ম’কড্ৰিল অনুশীলন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ