
কামৰূপ, ১৭ মে’ (হি.স.): কামৰূপৰ বংশৰ অভয়পুৰীয়া পামত ভয়ংকৰ অগ্নিকাণ্ডত জুইত জাহ যোৱা পৰিয়ালটোৰ খবৰ ল’লে স্থানীয় বিধায়কগৰাকীয়ে । হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে যোৱা কালি নিশাই খবৰ লবলৈ আহে।
উল্লেখ্য় যে বংশৰ অভয়পুৰীয়া পাম নিবাসী উমেশ দাসৰ পুত্ৰ জগদীশ দাসৰ বাসগৃহত জুইৰ সুত্ৰপাত হৈ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ গৈছিল । হাজো শুৱালকুছি সমষ্টিত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে জুইত জাহ যোৱা পৰিয়াল কেইটাক সম্পূৰ্ণৰূপে সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ