মণিপুৰত গ্ৰেপ্তাৰ কেচিপি উগ্ৰপন্থী, দুজন চোৰাং ব্যৱসায়ী আটক
ইম্ফল, ১৭ মে’(হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত চলা বিভিন্ন অভিযানত দুজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আৰু নিষিদ্ধ উগ্ৰপন্থী সংগঠন কেচিপি (অপুনবা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। দেওবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি ক
Image Related to the Two Drug Peddlers Arrested with Suspected Heroin and held KCP Cadre in Manipur.


ইম্ফল, ১৭ মে’(হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘন্টাত চলা বিভিন্ন অভিযানত দুজন অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী আৰু নিষিদ্ধ উগ্ৰপন্থী সংগঠন কেচিপি (অপুনবা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে।

দেওবাৰে মণিপুৰ আৰক্ষীয়ে প্ৰদান কৰা তথ্য অনুসৰি কাকচিং জিলাৰ হিয়াংলাম থানা এলেকাৰ প’ল ষ্টাৰ কলেজৰ সমীপত নিৰাপত্তা বাহিনীয়ে অভিযান চলাই ইম্ফল পূৱ জিলাৰ কৈৰাং মায়াই লেইকাইৰ বাসিন্দা মহম্মদ চেলিম (৩১) আৰু মহম্মদ নবাব (৩২)ক গ্ৰেপ্তাৰ কৰে।

তালাচীৰ সময়ত তেওঁলোকৰ হাতত ১৩টা চাবোনৰ বাকচত লুকুৱাই থোৱা প্ৰায় ১৪৭ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন ব্ৰাউন চুগাৰ উদ্ধাৰ কৰা হয়। লগতে জব্দ কৰা হৈছে এখন চাৰিচকীয়া বাহন আৰু নগদ ৫২ হাজাৰ ₹।

একেদিনাই এক সুকীয়া অভিযানত নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ উগ্ৰপন্থী সংগঠন কেচিপি (আপুনবা)ৰ সক্ৰিয় সদস্য ৰেক্স থৌডাম ওৰফে মাচাথম্বি (২৩)ক গ্ৰেপ্তাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ চিংজামেই থানা এলেকাত তেওঁক আটক কৰা হয়।

ধৃত উগ্ৰপন্থীজন প্ৰথমে ইম্ফল ইষ্ট জিলাৰ পেলেচ কম্পাউণ্ড হেইজিংগাং ৰোডৰ বাসিন্দা আৰু বৰ্তমান কাকৱা নাওৰেম লেইকাইত বাস কৰিছিল। দুয়োটা গোচৰৰ অধিক তদন্ত অব্যাহত ৰাখিছে নিৰাপত্তা সংস্থাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande