
হোজাই, ১৭ মে (হি.স.)। একাংশ বিহাৰৰ মহিলা নামি পৰিছে গাঞ্জা সৰবৰাহত। লামডিং জংচনত গাঞ্জা সহ এগৰাকী মহিলাক আটক।
আগৰতলা লামডিং ৰেল পথ হৈ পৰিছে নিচাজাতীয় দ্ৰব্যৰ কৰিডৰ। ৰেলৰ চিআইবি দলে অভিযান চলাই গাঞ্জা সহ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়।
ধৃত মহিলা গৰাকীৰ নাম ৰঞ্জু দেবী ঘৰ বিহাৰৰ কাটিহাৰত। ১৫৬১২ নং নামনিমুৱা শিলচৰ- ৰঙিয়া এক্সপ্ৰেছ ট্ৰেইন খনত অভিযান চলাই আনুমানিক ৩ কেজি গাঞ্জা জব্দ কৰে। গাঞ্জাখিনি শিলচৰৰ পৰা বিহাৰলৈ যোৱাৰ পৰিকল্পনা আছিল।
জানিব পৰা অনুসৰি ধৃত মহিলা সৰবৰাহকাৰী গৰাকীৰ সৈতে আৰু বহু গাঞ্জা সৰবৰাহকাৰী জৰিত থকাৰ সন্দেহ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা