
ধৰ্মশালা, ১৭ মে' (হি.স.)। হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যনৰ ধৰ্মশালা ষ্টেডিয়ামত পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হোৱা আই পি এল মেচত প্ৰথম বেটিং কৰি আৰ চি বিয়ে পঞ্জাৱক জয়ৰ বাবে ২২৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত ২২২ ৰান সংগ্ৰহ কৰে আৰ চি বিয়ে।
আৰচিবিৰ ইমপেক্ট প্লেয়াৰ ভেংকটেশ আয়াৰে উজ্জ্বল বেটিং কৰি ৪০টা বলত অপৰাজিত ৭৩ ৰান সংগ্ৰহ কৰি আৰচিবিয়ে ডাঙৰ স্ক’ৰলৈ আগবঢ়াই লৈ যায়। তেওঁ ৮টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৭৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে অ’পেনাৰ বিৰাট কোহলীয়েও অৰ্ধশতক অৰ্জন কৰিছিল। কোহলীয়ে ৩৭টা বলত ৪টা চাৰি আৰু ৩টা ছয়ৰে ৫৮ ৰান সংগ্ৰহ কৰে। তেওঁৰ সমান্তৰালকৈ তিনি নম্বৰ স্থানত বেটিং কৰা দেৱদত্ত পাডিক্কালেও ২৫টা বলত উজ্জ্বল ৪৫ ৰান সংগ্ৰহ কৰে। এই ইনিংছত পাদিক্কালে ৪টা চাৰি আৰু ৩টা ছয় কৰে। ইয়াৰ পাছত টিম ডেভিদ আৰু ভেংকটেশ আয়াৰৰ মাজত হোৱা এক চমৎকাৰ অংশীদাৰিত্বৰ বাবেই আৰচিবিয়ে আবণ্টিত ২০ অভাৰত মুঠ ২২২ ৰান সংগ্ৰহ কৰে। টিম ডেভিদে আৰচিবিক ২২২ ৰানলৈ লৈ যোৱাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, ১২টা বলত ২টা চাৰি আৰু ২টা ছয়ৰে অপৰাজিত ২৮ ৰান সংগ্ৰহ কৰিছিল।
টছত জয়ী হৈ প্ৰথমে বলিং কৰিবলৈ বাছনি কৰি পঞ্জাৱৰ স্পিন বলাৰ হৰপ্ৰীত ব্ৰাৰে ৪ অভাৰত ৩৫ ৰানত দুটা উইকেট দখল কৰে। আৰ্ছদীপ সিং আৰু যুজবেন্দ্ৰ চাহালেও এটাকৈ উইকেট দখল কৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ