নিজ প্ৰতিভাৰ বলত নাছা ভ্ৰমণৰ সুযোগ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছে কলিয়াবৰৰ এগৰাকী ছাত্ৰ
নগাঁও, ১৭ মে (হি.স.)। নিজ প্ৰতিভাৰ বলত নাছা ভ্ৰমণৰ সুযোগ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছে কলিয়াবৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। এলানি দীঘলীয়া আৰু কঠিন পৰীক্ষাৰ অন্তত নাছা ভ্ৰমণৰ বাবে নিৰ্বাচিত হৈছে কলিয়াবৰ গুৰুকুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাক জ
নিজ প্ৰতিভাৰ বলত নাছা ভ্ৰমণৰ সুযোগ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছে কলিয়াবৰৰ এগৰাকী ছাত্ৰ


নগাঁও, ১৭ মে (হি.স.)। নিজ প্ৰতিভাৰ বলত নাছা ভ্ৰমণৰ সুযোগ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছে কলিয়াবৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ। এলানি দীঘলীয়া আৰু কঠিন পৰীক্ষাৰ অন্তত নাছা ভ্ৰমণৰ বাবে নিৰ্বাচিত হৈছে কলিয়াবৰ গুৰুকুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ জোনাক জ্যোতি বৰদলৈ। ছাত্ৰজনৰ এই কৃৰ্তিত্ব এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে সকলো। কুঁৱৰীটোল মাধৱ গাঁৱৰ ৰাজীৱ বৰদলৈ আৰু জ্যোতিমালা বৰদলৈৰ পুত্র জোনাকজ্যোতি বৰদলৈয়ে বিগত এপ্ৰিল মাহৰ পৰা প্ৰায় এমাহ জোৰা প্ৰস্তুতিমূলক মহাকাশ বিজ্ঞান সম্পৰ্কীয় পৰীক্ষাত অৱতীৰ্ণ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা কেন্দ্ৰ নাছালৈ যোৱাৰ সুযোগ লাভ কৰিছে। অহা ডিচেম্বৰ মাহৰ শেষ সপ্তাহত নাছাত অনুষ্ঠিত হ'বলগীয়া এক সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰখ্যাত মহাকাশচাৰী ড০ ডন থমাছক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰিছে ছাত্ৰজনে। বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক যতীন বৰাৰ তত্বাৱধানত প্ৰস্তুতি চলাই থকা ছাত্ৰজনে মহাকাশ বিজ্ঞান সম্পৰ্কীয় এক প্ৰকল্পও উপস্থাপন কৰিব উক্ত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত। ছাত্ৰজনৰ এই শৈক্ষিক সাফল্যত আনন্দ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে পৰিচালক আৰু অধ্যক্ষ ক্ৰমে ৰাতুল বৰুৱা আৰু প্ৰিয়ংকা বৰাই। উল্লেখ্য যে, বিমান চালনা বিজ্ঞান (aeronautics) আৰু মহাকাশ গৱেষণাৰ প্ৰতিষ্ঠান নাছাত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনত অংশগ্ৰহণৰ বাবে ভাৰতৰ মুঠ ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হৈছে আৰু এই সুযোগ লাভ কৰা জোনাক জ্যোতি বৰদলৈ হৈছে অসমৰ একমাত্ৰ ছাত্র।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande