খুমটাই শাওঁতলী চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱক ভগীৰথ তাঁতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন
খুমটাই শাওঁতলী চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱক ভগীৰথ তাঁতীয়ে ।
খুমটাই শাওঁতলী চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱক ভগীৰথ তাঁতীৰ স্বাৱলম্বিতাৰ নিদৰ্শন


গোলাঘাট, ১৭ মে’ (হি.স.): কৰ্মই যে ধৰ্ম, মনত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ আৰু মনত কৰ্ম সংস্কৃতিৰ স্পৃহা থাকিলে যিকোনো কামত সফলতা অৰ্জন কৰিব পাৰি সেই কথা আকৌ এবাৰ প্ৰতিয়মান কৰিছে খুমটাই শাওঁতলী চাহ বাগিচাৰ এগৰাকী উদ্যমী যুৱক ভগীৰথ তাঁতীয়ে । চৰকাৰী চাকৰি যে জীৱিকাৰ একমাত্ৰ সাধন নহয় সেইয়া নিজৰ এখন চানা বিপণীৰে নিজক প্ৰতিষ্ঠা কৰি প্ৰমাণ কৰি দেখুৱাইছে তেওঁ । আৰ্থিক দুৰৱস্থাৰ বাবে ২০১৩ চনত কৰ্ম সংস্থাপনৰ তাগিদাত সুদূৰ বাংগালোৰত গৈ কৰ্ম সংস্থাপনত নিয়োজিত হৈ পৰা ভাগীৰথ তাঁতীয়ে উপলব্ধি কৰিছিল এদিন নিজে স্বাৱলম্বী হোৱাৰ কথা ।

পৰিয়ালৰ দায়িত্বৰ খাতিৰত নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰি খুমটাইৰ শাঁওতলী চাহ বাগিচাৰ সাপ্তাহিক বজাৰৰ সমীপত তেওঁ আৰম্ভ কৰিলে এখন চানা বিপণী । য'ত দেওবাৰৰ দিনটোৰ লগতে অন্য বাৰ সমূহতো বহু গ্ৰাহকে মিছল চানা , আলু চানা , জাল মুড়ি , কেঁচা চানা আদি বিভিন্ন স্বাদৰ চানাৰ সোৱাদ ল'বলৈ ভীৰ কৰা পৰিলক্ষিত হয় । প্ৰতি দেওবাৰে তেওঁ চানা বিক্ৰী কৰি প্ৰায় তিনি চাৰি হাজাৰ টকা আৰু অন্য বাৰত ১২০০ ৰ পৰা ১৫০০ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হয় । চানা বিক্ৰী কৰিয়েই তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিয়াৰ লগতে নিজৰ দুই সন্তানক পঢ়া শুনাত ভাল কৰি গঢ়ি তুলিবলৈ সক্ষম হৈছে । ভাগীৰথ তাঁতীৰ এই সফল সংগ্ৰামৰ কাহিনীয়ে আন বহু নিবনুৱা যুৱকক অনুপ্ৰাণিত কৰিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande