জাগীৰোডত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন,আহত দুজন
মৰিগাঁও, ১৭ মে (হি.স.)। জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত যোৱানিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু মটৰচাইকেলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় এজন যুৱক ৷ নিহত যুৱকজনক জাগীৰোডৰ পলাচুং গাঁৱৰ ১৮ বছৰীয়া অৰ্জুন থাপ
জাগীৰোডত সংঘটিত পথ দুৰ্ঘটনাত নিহত এজন,আহত দুজন


মৰিগাঁও, ১৭ মে (হি.স.)। জাগীৰোডত নিৰ্মীয়মাণ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সমীপত যোৱানিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু মটৰচাইকেলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত থিতাতে নিহত হয় এজন যুৱক ৷ নিহত যুৱকজনক জাগীৰোডৰ পলাচুং গাঁৱৰ ১৮ বছৰীয়া অৰ্জুন থাপা বুলি চিনাক্ত কৰা হৈছে ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন যুৱক টেঘেৰীয়া গাঁৱৰ হিৰকজ্যোতি বৰদলৈ আৰু অৰুণ বৰদলৈ ৷

তিনি যুৱকে এখন নম্বৰ বিহীন মটৰচাইকেলেৰে গৈ থকাৰ সময়তে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এএছ ০১ইউচি-৬৬১৩ নম্বৰৰ এখন ট্ৰাকে খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা ৷ ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande