
হেগ (নেদাৰলেণ্ড), ১৭ মে’ (হি.স.)। ভাৰত আৰু নেদাৰলেণ্ডে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছে। হেগত ডাচ প্ৰধানমন্ত্ৰী ৰব জেটেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ অন্তত কৌশলগত অংশীদাৰিত্বৰ ৰোডমেপ (২০২৬-২০৩০) চূড়ান্ত কৰা হয়। ইয়াৰ লক্ষ্য হৈছে বাণিজ্য, প্ৰযুক্তি আৰু নিৰাপত্তা সহযোগিতা শক্তিশালী কৰা। এই ঐতিহাসিক যৌথ বিবৃতিত কেইবাটাও মূল ক্ষেত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
গতিশীলতা আৰু প্ৰব্ৰজন চুক্তি
ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত পেছাদাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মসৃণ গতিবিধিৰ বাবে এক উল্লেখযোগ্য প্ৰব্ৰজন চুক্তি স্বাক্ষৰিত হয়।
অৰ্ধপৰিবাহী আৰু প্ৰযুক্তি
ধোলেৰাত এটা অৰ্ধপৰিবাহী ফেবৰ বিকাশৰ বাবে টাটা ইলেক্ট্ৰনিকছ আৰু এ এছ এম এলৰ মাজত অংশীদাৰিত্ব গঠন কৰা হৈছে। খনি মন্ত্ৰালয়েও জটিল খনিজ পদাৰ্থৰ বিনিময়ৰ বাবে এক চুক্তিত স্বাক্ষৰ কৰিছে।
সেউজ হাইড্ৰজেন আৰু শক্তি
ভাৰত আৰু নেদাৰলেণ্ডে ‘সেউজ হাইড্ৰ’জেনৰ উন্নয়নৰ বাবে ভাৰত-নেদাৰলেণ্ড ৰোডমেপ’ আৰম্ভ কৰে। ইয়াৰ দ্বাৰা নবীকৰণযোগ্য শক্তিৰ পৰিৱৰ্তনত সহযোগিতা ত্বৰান্বিত হ’ব।
সাংস্কৃতিক বিনিময় আৰু কলা
নেদাৰলেণ্ডে চোলা বংশৰ পৰা ঐতিহাসিক তামৰ প্লেট ভাৰতলৈ ঘূৰাই দিছিল। সামুদ্ৰিক ঐতিহ্য সংৰক্ষণৰ বাবে গুজৰাটৰ লোথালত থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স সন্দৰ্ভতো এক চুক্তি স্বাক্ষৰিত হয়।
ভ্ৰমণৰ উল্লেখযোগ্য তাৎপৰ্য্য
প্ৰধানমন্ত্ৰী মোডীৰ নেদাৰলেণ্ড ভ্ৰমণ ভাৰতৰ বাবে কেইবাটাও দিশত তাৎপৰ্যপূৰ্ণ বুলি প্ৰমাণিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে নেদাৰলেণ্ড ভাৰতৰ শীৰ্ষ পাঁচটা বিনিয়োগকাৰীৰ ভিতৰত অন্যতম আৰু বিগত ১০ বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক দ্ৰুতগতিত সুদৃঢ় হৈছে।
সম্পৰ্কৰ বাবে নতুন দিশ
প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত বাণিজ্যিক চুক্তিৰ দিশত যি অগ্ৰগতি হৈছে, সেইটোৱে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব। তেওঁ কয় যে ভাৰত আৰু নেদাৰলেণ্ডে যৌথভাৱে উদ্ভাৱন, প্ৰযুক্তি, আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব পাৰে।
১৭ টা বৃহৎ চুক্তি
প্ৰধানমন্ত্ৰী মোডীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত ১৭টা বৃহৎ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিসমূহে কেৱল বাণিজ্যৰ ওপৰত গুৰুত্ব দিয়াই নহয়, প্ৰযুক্তি, শিক্ষা, শক্তি, কৃষি, স্বাস্থ্য, দুগ্ধ, পানী ব্যৱস্থাপনা, আৰু সাংস্কৃতিক ঐতিহ্যৰ দৰে ক্ষেত্ৰতো উল্লেখযোগ্য পৰিৱৰ্তন আনিব। দুয়োখন দেশেই কয় যে এই সিদ্ধান্তসমূহে ভৱিষ্যতৰ উন্নয়ন, নিয়োগ, বিনিয়োগ, আৰু বিশ্ব সহযোগিতাৰ বাবে এক নতুন দিশ প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ভাৰতে নতুন প্ৰযুক্তি, কৰ্মসংস্থাপন, আৰু বিশ্বৰ বজাৰৰ সুবিধা লাভ কৰিব। প্ৰতিৰক্ষা, চাইবাৰ সুৰক্ষা, যোগান শৃংখলৰ ক্ষেত্ৰতো দুয়োখন দেশে একেলগে কাম কৰিব।
ভিছা প্ৰক্ৰিয়া সৰল কৰাৰ চুক্তি
ভাৰত আৰু নেদাৰলেণ্ডে ভিছা প্ৰক্ৰিয়া সৰল কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। ইয়াৰ দ্বাৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰী, পেছাদাৰী, আৰু শ্ৰমিকসকলৰ বাবে উন্নত শৈক্ষিক আৰু কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও ইণ্টাৰনশ্বিপ আৰু দীৰ্ঘম্যাদী ভিছাৰ সুবিধাও প্ৰদান কৰিব।
উচ্চ শিক্ষাত সহযোগিতা
নালাণ্ডা বিশ্ববিদ্যালয় আৰু গ্ৰ’নিংগেন বিশ্ববিদ্যালয়েও অংশীদাৰিত্ব গঢ়ি তুলিছে। দুয়োখন দেশৰ বিশ্ববিদ্যালয়সমূহে এতিয়া যৌথ গৱেষণা আৰু ডিগ্ৰী কাৰ্যসূচী চলাব পাৰিব। ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে ডাচ বিশ্ববিদ্যালয়ত অধ্যয়ন আৰু গৱেষণাৰ নতুন সুযোগ লাভ কৰিব।
ভাৰতৰ ঔদ্যোগিক শক্তি বৃদ্ধি
জটিল খনিজ পদাৰ্থৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তিয়ে বৈদ্যুতিক বাহন, বেটাৰী, আৰু উচ্চ প্ৰযুক্তিৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থৰ যোগান শক্তিশালী কৰিব। ইয়াৰ দ্বাৰা ভাৰতৰ ঔদ্যোগিক শক্তি বৃদ্ধি পাব। তদুপৰি ভাৰত আৰু নেদাৰলেণ্ডে সেউজ হাইড্ৰ’জেন উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব। ইয়াৰ দ্বাৰা স্বচ্ছ শক্তি খণ্ডত বিনিয়োগ আৰু কৰ্মসংস্থাপন বৃদ্ধি পাব। ইউৰোপৰ সেউজ শক্তিৰ বজাৰত ভাৰতে শক্তিশালী স্থান লাভ কৰিব। দুয়োখন দেশেই সৌৰ আৰু বায়ু শক্তি প্ৰকল্পৰ প্ৰযুক্তি আৰু বিশেষজ্ঞতাৰ ভাগ-বতৰা কৰিব।
নিটি আয়োগ আৰু নেদাৰলেণ্ড
ভাৰতৰ নিটি আয়োগৰ সহযোগত শক্তি সুৰক্ষা, সেউজ শক্তি, আৰু নতুন প্ৰযুক্তিৰ ওপৰত যৌথ প্ৰকল্প ৰূপায়ণ কৰা হ’ব। ইয়াৰ দ্বাৰা বিনিয়োগ আৰু উদ্যোগ উপকৃত হ’ব। ভাৰতৰ গুজৰাটৰ এটা বৃহৎ জল প্ৰকল্পত নেদাৰলেণ্ডে কাৰিকৰী সহায় আগবঢ়াব। ইয়াৰ ফলত খোৱা, জলসিঞ্চন, উদ্যোগৰ বাবে পানীৰ উপলব্ধতা বৃদ্ধি পাব পাৰে।
সমগ্ৰ বিশ্বতে সৌৰভ বিলাব ত্ৰিপুৰাৰ ফুল
নেদাৰলেণ্ডে ত্ৰিপুৰাৰ ফ্লাৱাৰ চেণ্টাৰ অৱ এক্সেলেন্সক সহায় কৰিব। ইয়াৰ দ্বাৰা ফুলৰ খেতিৰ বাবে আধুনিক প্ৰযুক্তিৰ সুবিধা লাভ কৰিব, কৃষকৰ আয় বৃদ্ধি হ’ব আৰু ৰপ্তানি বৃদ্ধি পাব। বেংগালুৰুৰ ইণ্ডো-ডাচ ডেইৰী চেণ্টাৰকো সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে নেদাৰলেণ্ডে। ইয়াৰ দ্বাৰা দুগ্ধ পালক আৰু পশুপালন খণ্ডক নতুন প্ৰযুক্তি আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰ ফলত গাখীৰৰ উৎপাদন আৰু গুণগত মান উন্নত হ’ব। তদুপৰি ভাৰতীয় পশুপালন খণ্ডই উন্নত স্বাস্থ্যসেৱা, ৰোগ নিয়ন্ত্ৰণ, আৰু দক্ষতা প্ৰশিক্ষণৰ দ্বাৰা লাভৱান হ’ব।
স্বাস্থ্য খণ্ডত সহযোগিতা
স্বাস্থ্য খণ্ডত দুয়োখন দেশে সহযোগিতা আগবঢ়াব। বিবৃতিটোত জনস্বাস্থ্য, চিকিৎসা গৱেষণা, আৰু বৈজ্ঞানিক তথ্য বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। এই সহযোগিতাই ভৱিষ্যতৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰিব।
আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তি
নিৰাপদ আৰু স্বচ্ছ বাণিজ্য আৰু আমদানি-ৰপ্তানি প্ৰক্ৰিয়া নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তিত উপনীত হৈছে। ইয়াৰ দ্বাৰা উদ্যোগীসকলে সকাহ পাব। দুয়োখন দেশেই বিনিয়োগ, সেউজ উন্নয়ন, খাদ্য সুৰক্ষা, পানী ব্যৱস্থাপনা, আৰু জনস্বাস্থ্যৰ দৰে ক্ষেত্ৰত দীৰ্ঘম্যাদী অংশীদাৰিত্ব বৃদ্ধি কৰিবলৈ সন্মত হয়।
সন্ত্ৰাসবাদৰ ওপৰত শক্তিশালী স্থিতি
উল্লেখযোগ্য যে বিশ্বজুৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত আৰু নেদাৰলেণ্ডৰ এক শক্তিশালী আৰু উমৈহতীয়া স্থিতি আছে। দুয়োখন দেশেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত দ্বৈত মানদণ্ডৰ ব্যৱহাৰক তীব্ৰ নিন্দা কৰে, যিকোনো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰভাৱে নিন্দা কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াত যিকোনো ধৰণৰ দ্বৈত মানদণ্ডৰ ব্যৱহাৰক তীব্ৰ নিন্দা কৰে। ভাৰত আৰু নেদাৰলেণ্ডে সকলো দেশকে সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল নিৰ্মূল কৰাৰ লগতে সন্ত্ৰাসবাদীৰ নেটৱৰ্ক আৰু তেওঁলোকৰ বিত্তীয় মাধ্যমত ব্যাঘাত জন্মাবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া