
নতুন দিল্লী, ১৭ মে’(হি.স.)। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰেট নিকোবৰ দ্বীপ প্ৰকল্প সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক (যোগাযোগ) জয়ৰাম ৰমেশে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত প্ৰকল্পটোক ন্যায্যতা প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে, আনহাতে ইয়াৰ বৰ্তমানৰ ৰূপটোৱে পৰিৱেশগত ব্যাপক ক্ষতি কৰাৰ সম্ভাৱনা আছে।
পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁ ইয়াৰ পূৰ্বে ১০ মে’ত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰীলৈ আৰু ১৩ মে’ত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি প্ৰকল্পটোৰ সৈতে জড়িত পৰিৱেশ আৰু বন অধিকাৰ আইন সম্পৰ্কীয় বিষয়সমূহ উত্থাপন কৰিছিল।
তেওঁ উল্লেখ কৰে যে দেশৰ প্ৰতিৰক্ষা সামৰ্থ্য শক্তিশালী কৰাৰ লগতে ভাৰতৰ কৌশলগত শক্তিক বিশ্বাসযোগ্যভাৱে প্ৰদৰ্শন কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে কোনো মতানৈক্য হ’ব নোৱাৰে যদিও ইয়াৰ নামত পৰিৱেশৰ ব্যাপক ক্ষতি কৰিব পৰা প্ৰকল্প এটা আগবঢ়াই নিয়াটো উপযুক্ত নহয়।
পত্ৰখনত জয়ৰাম ৰমেশে উল্লেখ কৰিছে যে গ্ৰেট নিকোবাৰ দ্বীপৰ কেম্পবেল বে’ত অৱস্থিত আই এন এছ বাজ ২০১২ চনৰ জুলাই মাহত কাম আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানৰ ৰাণৱেৰ দৈৰ্ঘ্য তিনিগুণ বৃদ্ধি কৰি নৌসেনাৰ জেটি নিৰ্মাণৰ পৰিকল্পনা প্ৰায় পাঁচ বছৰ ধৰি অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। এই পৰিকল্পনাসমূহৰ পৰিৱেশৰ ওপৰতো বৰ্তমানৰ গ্ৰেট নিকোবাৰ প্ৰকল্পতকৈ যথেষ্ট কম প্ৰভাৱ পৰিব।
তেওঁ কয় যে আন্দামান আৰু নিকোবৰ কমাণ্ডৰ কেইবাটাও বৰ্তমানৰ সামৰিক সম্পত্তিও তুলনামূলকভাৱে কম পৰিৱেশ ক্ষতিৰ সৈতে সম্প্ৰসাৰণ কৰিব পৰা যাব। ইয়াৰ ভিতৰত আছে আই এন এছ কৰ্দীপ, আই এন এছ কোহাছা, আই এন এছ উটক্ৰছ, আই এন এছ জাৰাৱা, আৰু কাৰ নিকোবাৰ বায়ুসেনা ষ্টেচন।
জয়ৰাম ৰমেশে কয় যে গ্ৰেট নিকোবৰ প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ আৰু টাউনশ্বিপে দেশৰ সামৰিক সামৰ্থ্য কোনো ধৰণে বৃদ্ধি নকৰে, কিন্তু এতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ভিত্তিত ইয়াক ন্যায্যতা প্ৰদান কৰা হৈছে।
তেওঁ কয় যে বৰ্তমানৰ ৰূপত গ্ৰেট নিকোবাৰ প্ৰকল্পটো পৰিৱেশ দুৰ্যোগৰ ৰেচিপি। তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীক তেওঁলোকৰ প্ৰবন্ধ আৰু বিশ্লেষণত নৌসেনাৰ একাংশ বিশিষ্ট বিষয়াই পৰামৰ্শ দিয়া বিকল্প প্ৰস্তাৱসমূহ গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ আহ্বান জনায়।
মন কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰৰ গ্ৰেট নিকোবাৰ দ্বীপ প্ৰকল্পত ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ, বিমানবন্দৰ, বিদ্যুৎ কেন্দ্ৰ, আৰু টাউনশ্বিপকে ধৰি কেইবাটাও ডাঙৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে। পৰিৱেশবিদ, সামাজিক সংগঠন, বিৰোধী দলসমূহে এই প্ৰকল্পৰ প্ৰতি ধাৰাবাহিকভাৱে আপত্তি উত্থাপন কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া