
গোলাঘাট, ১৭ মে (হি.স.)। নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী আৰু গোলাঘাট মিডিয়া ফ’ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন ৷ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও বন্তি প্ৰজ্বলন কৰে অধ্যাপক ড° দেৱজিৎ ফুকনে ৷ গোলাঘাটৰ কেইবাটাও জাতীয় দল-সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত শ্বহীদ সাংবাদিকগৰাকীক শ্মৰণ কৰাৰ লগতে আজিপৰ্য্যন্ত সাংবাদিকগৰাকীয়ে ন্যায় লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷
আনহাতে গোলাঘাট মিডিয়া ফ’ৰামৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই উপলক্ষে শংকৰদেৱ শিশু বিদ্যা নিকেতনত গোলাঘাট জিলাৰ অন্তৰ্গত সাংবাদিকসকলৰ কীৰ্তিমান সন্তানসকলক সম্বৰ্দ্ধনা জনোৱা হয়।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত জিণ্টু বৰাৰ লগতে গোলাঘাট সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈ, গোলাঘাট প্ৰেছ ক্লাবৰ উপ-সভাপতি দিগন্ত ভূঞাঁ, জ্যেষ্ঠ সাংবাদিক দ্বিপেন দত্ত, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অধ্যক্ষসহ বহু গণ্যমান্য ব্যক্তি আৰু গোলাঘাট মিডিয়া ফৰামৰ সাংবাদিকসকল ৷
অতিথিসকলে নিজৰ বক্তব্যত সাংবাদিকতাৰ সামাজিক দায়বদ্ধতা আৰু নতুন প্ৰজন্মক উৎসাহিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কীৰ্তিমান সন্তানসকলক সম্বৰ্ধনা জনোৱাৰ জৰিয়তে তেওঁলোকৰ সাফল্যক স্বীকৃতি দিয়াৰ লগতে আন শিক্ষাৰ্থীসকলকো অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰা হৈছে বুলি বক্তাসকলে উল্লেখ কৰে। ইয়াৰ পূৰ্বে পুৱা গোলাঘাট মিডিয়া ফৰামৰ উদ্যোগত গোলাঘাটৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানত গছপুলি বিতৰণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। পৰিৱেশ সংৰক্ষণৰ বাৰ্তা কঢ়িয়াই অনা এই কাৰ্যসূচীয়ে উপস্থিত সকলৰ মাজত বিশেষ সঁহাৰি লাভ কৰে। সামাজিক দায়বদ্ধতা, শিক্ষাৰ প্ৰতি উৎসাহ আৰু পৰিৱেশ সজাগতাৰ সমন্বয়েৰে গোলাঘাট মিডিয়া ফৰামে এই দৰে অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ