বিহালীত দুৰ্বৃত্তই পটল খেতি বিনষ্ট কৰাক লৈ মূৰে কপালে হাত দিছে দুখীয়া কৃষকে
বিহালীত দুবৃত্তৰ দ্বাৰা পটল খেতি বিনষ্ট কৰাক লৈ মূৰে কপালে হাত দিছে দুখীয়া কৃষকদ্বয়ে।
বিহালীত দুৰ্বৃত্তই পটল খেতি বিনষ্ট কৰাক লৈ মূৰে কপালে হাত দিছে দুখীয়া কৃষকে


বিশ্বনাথ, ১৭ মে’ (হি.স.): বিশ্বনাথ জিলাৰ বিহালীত দুৰ্বৃত্তৰ দ্বাৰা পটল খেতি বিনষ্ট কৰাক লৈ মূৰে কপালে হাত দিছে দুই দুখীয়া কৃষকে।সংবাদ মাধ্যমৰ সন্মূখত ব্যক্ত কৰিলে বেদনাৰ গাথা । যিটো সময়ত একাংশ শিক্ষিত যুৱক -যুৱতীয়ে চৰকাৰী বা বেচৰকাৰী চাকৰিৰ পিছত দৌৰি নিজৰ জীৱনৰ সময় অপচয় কৰিছে ঠিক তেনে সময়ত চৰকাৰী চাকৰিৰ আশা বাদ দি আৰু কষ্ট শ্ৰমেৰে কৃষি কাৰ্য্যত মনোনিবেশ কৰি বিহালী থান বিহালী গাওঁ খনৰ দুগৰাকী শিক্ষিত দুখীয়া কৃষক জাকিৰ হুচেইন আৰু ফজল হকে আৰ্দশৰ সৃষ্টি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালক ভৰণ পোষণ কৰাৰ পথ বাছি লৈ প্ৰায় ৫/৬ বিঘাত বিলাহী, ৰঙালাও, তৰমুজ আৰু প্ৰায় এক বিঘা মাটিত পটল খেতি কৰিছিল।

উল্লেখ্য় যে পটলৰ উৎপাদন ইতিমধ্যে আৰম্ভ হৈছিলহে মাথো তেনে সময়তে কোনো দুবৃত্তই যোৱা নিশাটোৰ ভিতৰতে বগাই থকা পটলৰ গছ কাটি, উভালি বিস্তৰ ক্ষতি সাধন কৰাক লৈ কৃষক দুগৰাকী যথেষ্ট হতাশা নিৰাশাত ভুগি মুৰে কপালে হাত দিছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক আবেদন যোগে অৱগত কৰিছে যদিও উপায় বিহীন হৈ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে নিজৰ দুখ কষ্টৰ কথা। প্ৰসংগ ক্ৰমে উল্লেখ কৰিছে যে আমি কাৰো অন্যায় কৰা নাই, বৰং নিজৰ কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি এই খেতি কৰিছিলো কিন্তু কিয় আমাৰ লগত এনে হ’ল । এই ক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ সহায় সহযোগিতাৰ বাবে কাতৰ আহব্বান জনাইছে কৃষক দুগৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande