
শ্ৰীভূমি, ১৭ মে (হি.স.)। কুশিয়াৰা নৈৰ ভয়ংকৰ গৰা খহনীয়াই নিদ্ৰা হৰণ কৰিছে শ্ৰীভূমি চহৰৰ চৰবজাৰ এলেকাৰ ৰাইজৰ।
জেঠমহীয়া নেৰানেপেৰা বৰষুণৰ ফলত খহনীয়াৰ সৃষ্টি হৈছে শ্ৰীভূমি চহৰৰ চৰবজাৰ এলেকাত ।
স্লূইচ গেইটৰ পানী নিষ্কাশনৰ অংশত সৃষ্টি হৈছে খহনীয়া ।
কুশিয়াৰা নৈৰ পাৰত খহনীয়া সৃষ্টি হৈছে ফলতে সেই এলেকাত থকা লোক সকল আতংকিত হৈ পৰিছে ।
স্থানীয় লোকৰ খবৰ লবলৈ উপস্থিত হৈছে বিধায়ক জাকাৰিয়া আহমদ পান্না ।
এয়া নতুন ন'হয়, বিগত কেইটামান বছৰ ধৰি গৰাখহনীয়া প্ৰতিৰোধৰ কোনো বিশেষ ব্যবস্থা গ্ৰহণ কৰা নাই তদানীন্তন উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছী তথা বৰ্তমানৰ কাটিগড়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক কমলাক্ষ দে পুৰকাস্থই। যাৰ ফলত প্ৰতি বছৰ বছৰ ধৰি গৰাখহনীয়াই বৰ্তমান সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যে কোনো মুহূৰ্ততে নৈৰ বুকুত জাহ যাব পাৰে বহু মানুহৰ ঘৰ দুৱাৰ। ইফালে কুশিয়াৰা নদীৰ কাষত থকা সীতানাথ আশ্ৰম এলেকাৰ খহনীয়া ৰোধৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছে বুলি উল্লেখ কৰে বৰ্তমান উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদ পান্না।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা