
শোণিতপুৰ, ১৭ মে’ (হি.স.)। অসম সাহিত্য সভাৰ উদ্যোগত চৰ-চাপৰি ভাষা-সাহিত্য-সংস্কৃতি উপ-সমিতি’ৰ সহযোগত বৰপেটা জিলাৰ কঁয়াকুছি স্থিত এছিয়ান মিছন ইনষ্টিটিউট চৌহদত ১৭ মে’,২০২৬ তাৰিখে আয়োজিত বিদ্যায়তনিক আৰু সাংস্কৃতিক সমাৱেশ-২০২৬ দিনযোৰা বৰ্ণাঢ্য কাৰযসূচীৰে অনুষ্ঠিত হৈ যায় ৷ অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ৮-৫৫ বজাত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীকে মুখ্য কৰি ১০৯ গৰাকী বিশিষ্ট ব্যক্তিৰ যোগেদি অসম সাহিত্য সভাৰ ১০৯ খন পতাকা উত্তোলন কৰা হয় ৷
পুৱা ৯-৩০ বজাত বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰ আৰু ৰামকৃষ্ণ তালুকদাৰে মুখ্য প্ৰজ্জ্বলক হিচাপে অংশ গ্ৰহণ কৰি ড° ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বালনেৰে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰি ৷ পুৱা ১০-০০ বজাত ছোহৰাব আলি আহমেদ, মোফাজ্জল হোছেইন, ছাহ আলম হুছেইন, প্ৰদীপ কুমাৰ দাস, আব্দুছ ছাত্তাৰ চৌধুৰী, ছেকান্দাৰ আলী আহমেদ, নজৰুল ইছলাম, ৰফিকুল ইছলাম, বিনোদ ৰয়, ছইফউদ্দিন আহমেদ আদি বিশিষ্ট ব্যক্তিসকলৰ যোগেদি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পুৱা ১০-৩০ বজাত অসমৰ চৰ-চাপৰি অঞ্চলৰ কৃষ্টি-সংস্কৃতি আৰু অসমৰ সাৰ্বজনীন কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ প্ৰায় এক কিলোমিটাৰ যোৰা এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সমাপন কৰা হয়। অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক তথা কলাইগাঁও কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বসন্ত শইকীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অসম সাহিত্য সভাৰ সভাপতি আৰু উপসভাপতি ক্ৰমে ড° বসন্ত কুমাৰ গোস্বামী আৰু পদুম ৰাজখোৱা প্ৰমুখ্যে সাহিত্য সভাৰ বিষয়ববীয়া সকল আৰু প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰে ৷ দিনৰ ১১-৩০ বজাত ’অসমীয়া জাতিৰ আত্ম পৰিচয়, চৰ-চাপৰি অসমীয়াৰ অতীত,বৰ্তমান আৰু ভৱিষ্যৎ’ বিষয়ৰ ওপৰত এখন গাম্ভীৰ্যপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷
আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি হজৰত আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সত্ৰখনত আলোচক হিচাপে বিশিষ্ট সাহিত্যিক তথা শংকৰী কলা কৃষ্টিৰ গৱেষক ইছমাইল হোছেইন, অবসৰপ্ৰাপ্ত উচ্চ শিক্ষা বিভাগৰ উপসচিব ছাদুল্লা খান আৰু বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰয়ে অংশগ্ৰহণ কৰি চৰ-চাপৰি অঞ্চলত বসবাস কৰি থকা লোকসকলে অসমৰ কৃষ্টি-সংস্কৃতি, অসমীয়া ভাষা, পৰম্পৰা আদিক আপোন জ্ঞান কৰি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অতীজৰে পৰা যি অনবদ্য অবদান আগবঢ়াই আহিছে তথ্য সহকাৰে তাৰ বিস্তৃত বাখ্যা দাঙি ধৰি বক্তব্য আগবঢ়ায় ৷ ’চিৰ চেনেহী মোৰ ভাষা জননী ... গীতেৰ মুকলি সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ৷ সভাৰ প্ৰাক্ মুহুৰ্তত জাকিৰ হুছেইনে এটি বৰগীত পৰিৱেশন কৰে ৷ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সভাখনত আঁত ধৰি আগবঢ়োৱা উদ্বোধনী ভাষণত অসমৰ জাতীয় জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত চৰ-চাপৰি অঞ্চলত বসবাস কৰি থকা অসমীয়া সকলৰ যি অনবদ্য অবদান সেয়া ব্ৰহ্মপুত্ৰৰ নিৰবিচ্ছিন্ন জলধাৰাৰ দৰে চিৰ প্ৰবহমান হৈ থাকিব বুলি দৃঢ়তাৰে আশা প্ৰকাশ কৰে ৷
মুকলি সভাখনত পৌৰোহিত্য কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীদেৱে ভাষণ প্ৰসংগত চৰ-চাপৰি অঞ্চলৰ বাসিন্দাসকলে অসমৰ গ্ৰামীণ অৰ্থনীতিৰ বিকাশৰ হকে আগবঢ়োৱা অবদানৰ বিষয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰে ৷ ইয়াৰ উপৰি অসমীয়া ভাষাক শক্তিশালী ৰূপত জগত সভালৈ আগবঢ়াই লৈ যোৱাত চৰ-চাপৰি অঞ্চল বাসী ৰাইজৰ যি সহযোগিতা সেয়া অসম সাহিত্য সভাই মৰ্মে মৰ্মে উপলব্ধি কৰে বুলিও প্ৰকাশ কৰে ৷ মুকলি সভাত অংশ গ্ৰহণ কৰি আদৰণি ভাষণ আগবঢ়ায় আদৰণি সমিতিৰ সভাপতি ছিদ্দিকুৰ ৰহমানে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চলচ্চিত্ৰ পৰিচালক ডা: জয় বৰা, নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক এম আব্দুল মজিদ খান ৷ স্মৃতিগ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই অসমৰ চহকী সাংস্কৃতিক জনজীৱনত চৰ-চাপৰি অঞ্চলৰ ৰইজৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷
সন্ধিয়া আৰম্ভ হোৱা সাংস্কৃতিক বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে বি. এইচ্ কলেজৰ সহযোগী অধ্যাপক ড° আবু ছায়েম ছিদ্দিকীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী আঞ্চলিক কাৰ্যালয় সম্পাদক ড° সঞ্জীৱ কুমাৰ শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয় সম্পাদক বসন্ত শইকীয়া, ধুবুৰী আঞ্চলিক কাৰ্যালয় সম্পাদক ড° উমেশ দাস, জালাহ আঞ্চলিক কাৰ্যালয় সম্পাদক নয়ণমণি চৌধুৰী, ৰাজ্য ভাষা মাতৃ ভাষা প্ৰয়োগ উপসমিতিৰ আহ্বায়ক ৰাণা আলম, স্থায়ী বিত্তীয় নিধি আহ্বায়ক গোবিন্দ কলিতা, সাংগঠনিক সম্পাদক দুলাল নাথ, মঙ্গলচণ্ডী ব্ৰহ্ম সাংস্কৃতিক গৱেষনা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতা, তথ্য প্ৰযুক্তিৰ আহ্বায়ক স্বৰ্গজ্যোতি চেতিয়া, কবি সন্মিলনৰ আহ্বায়ক নৱ ৰাজন, পৰিৱেশ্য কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ আহ্বায়ক চৈয়দ মাৰুফ হুছেইন, বৰপেটা জিলা সভাৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু সম্পাদক প্ৰদীপ দাস, মূল সভাৰ কাৰ্যনিৰ্বাহক সদস্য বৰুণ দাস আৰু চিত্তৰঞ্জন নাথ। সদৌশেষত অনুষ্ঠানটোৰ মূল হোতা চৰ-চাপৰি ভাষা সাহিত্য সংস্কৃতি বিকাশ উপসমিতিৰ আহ্বায়ক ডাঃ আব্দুল কুদ্দুছ ছিকদাৰে অনুষ্ঠানটি সফসভাবে সমাপ্তি ঘটোৱাত অকিহনা যোগোৱা প্ৰতিগৰাকী সাহিত্যনুৰাগীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ