তেজপুৰত চিকিৎসক সমাজৰ “হৰিহৰ যুদ্ধ“ নাট মঞ্চায়ন
শোণিতপুৰ, ১৭ মে’ (হি.স.)। চিকিৎসকসকলোৰো আছে এটি ক’লাসুলভ মন। সদায় ৰোগী সকলক ন্যায় আৰু চিকিৎসা সেৱাৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়াই অহা চিকিৎসক সকলে গুৰুজনাৰ আদৰ্শক জীয়াই ৰখাৰ চেষ্টাৰে যোৱা কালি শনিবাৰে নিশা তেজপুৰত মঞ্চায়ন কৰিলে তেজপুৰৰ ইতিহাসৰ ওপৰত
তেজপুৰত চিকিৎসক সমাজৰ “হৰিহৰ যুদ্ধ“ নাট মঞ্চায়ন


শোণিতপুৰ, ১৭ মে’ (হি.স.)। চিকিৎসকসকলোৰো আছে এটি ক’লাসুলভ মন। সদায় ৰোগী সকলক ন্যায় আৰু চিকিৎসা সেৱাৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়াই অহা চিকিৎসক সকলে গুৰুজনাৰ আদৰ্শক জীয়াই ৰখাৰ চেষ্টাৰে যোৱা কালি শনিবাৰে নিশা তেজপুৰত মঞ্চায়ন কৰিলে তেজপুৰৰ ইতিহাসৰ ওপৰত আধাৰিত “হৰিহৰ যুদ্ধ“ নাটখনি ৷

এইবেলি তেজপুৰৰ চিকিৎসক সমাজৰ এইবেলি এই ভাওনা সমাৰোহে তৃতীয় বৰ্ষত ভৰি দিলে ৷ ৰোগীৰ সৈতে বিভিন্ন সময়ত অহৰ্নিশে ব্যস্ত হৈ থকা পুৰুষ মহিলা চিকিৎসক সকলে এইদৰেই বেশ ভূষা বা মুখত ৰং সানি এইদৰেই ব্যস্ত হৈ পৰিল ভাওনাৰ মাজত ৷ বহু শতাধিক দৰ্শকক আমোদ দিলে এই ভাওনাই ৷ শল্য চিকিৎসকৰ হাতত মহাদেৱৰ ত্ৰিশূল, শিশু চিকিৎসকৰ হাতত সুদৰ্শন চক্ৰ, বজ্ৰ, একেদৰে ঔষধ বিশেষজ্ঞ ক দেখা গ’ল দূৰ্গাৰ ৰূপত৷ নিশ্চিত ভাৱে তেজপুৰ চহৰৰ মাজমজিয়াত মঞ্চায়ন কৰা এই ভাওনাই নতুন প্ৰজন্মক গুৰুজনাৰ যি অমৰ সৃষ্টিৰাজি তাৰ প্ৰতি আগ্ৰহান্বিত কৰিব আৰু এইদৰেই শনিবাৰে নিশা তেজপুৰ হিলিবিলিত তেজপুৰৰ চিকিৎসক সমাজক দেখা গ’ল ভাৱৰীয়াৰ ৰূপত ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande