দেৰগাঁৱৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসম ভিত্তিক সমৰকলা প্ৰশিক্ষণ শিবিৰ
গোলাঘাট, ১৭ মে (হি.স.)। দেৰগাঁৱৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান ‘খঙ্গীয়া অল ষ্টাইল মাৰ্চেল আৰ্ট একাডেমী’ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম ভিত্তিক সমৰকলা প্ৰশিক্ষণ শিবিৰ। ১৯৯৫ চনৰ পৰাই যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ছেন্ছেই সঞ্জীৱ বৰাৰ
দেৰগাঁৱৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ অসম ভিত্তিক সমৰকলা প্ৰশিক্ষণ শিবিৰ


গোলাঘাট, ১৭ মে (হি.স.)। দেৰগাঁৱৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান ‘খঙ্গীয়া অল ষ্টাইল মাৰ্চেল আৰ্ট একাডেমী’ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম ভিত্তিক সমৰকলা প্ৰশিক্ষণ শিবিৰ। ১৯৯৫ চনৰ পৰাই যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে ছেন্ছেই সঞ্জীৱ বৰাৰ দক্ষ পৰিচালনাত চলি অহা এই একাডেমীৰ শিবিৰত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় মাৰ্চেল আৰ্ট বিশেষজ্ঞ চিহান এছ. কে. লালু।

প্ৰশিক্ষণৰ সমান্তৰালকৈ আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ১০০ গৰাকী কৃতী মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক অভিনন্দন পত্ৰ প্ৰদান কৰি উৎসাহিত কৰা হয়। একাডেমীৰ সভাপতি বিনোদ দত্ত আৰু সম্পাদক সঞ্জীৱ বৰাই জানিবলৈ দিয়া অনুসৰি, এই দুদিনীয়া কাৰ্যসূচীত আত্মৰক্ষাৰ কৰ্মশালাৰ লগতে বেল্ট প্ৰদান পৰীক্ষাও অনুষ্ঠিত হ’ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande