
কাৰ্বি আংলং, ১৭ মে’ (হি.স.) : কৰ্মৰ সন্ধানত ঘৰৰ পৰা হাঁহিমুখে ওলাই গৈছিল, কিন্তু ঘূৰি আহিল এক নিথৰ কফিনত বন্দী হৈ । কালি সন্ধিয়া এক অত্যন্ত হৃদয়বিদাৰক পৰিৱেশৰ মাজত নিজৰ ঘৰ, নিজৰ জন্মস্থান পালেহি বহিৰাজ্যত নৃশংসভাৱে হত্যাৰ বলি হোৱা কাৰ্বি আংলঙৰ যুৱক সমৰ বৰাৰ নশ্বৰ দেহ । চলন্ত ৰে’লৰ পৰা পাষণ্ড দুৰ্বৃত্তই ঠেলি পেলাই হত্যা কৰা ৪৩ বছৰীয়া যুৱকজনৰ মৃতদেহ চোতালত পৰাৰ লগে লগে কান্দোনৰ ৰোলেৰে কঁপি উঠিল সমগ্ৰ ফুলনিগাঁও ।
অতি দৰিদ্ৰ পৰিয়ালটোৱে অৰ্থৰ অভাৱত মৃতদেহটো আনিবলৈ সম্পূৰ্ণ অপাৰগ হৈ পৰাৰ সময়তে দেৱযুদ্ধৰ দৰে থিয় দিয়ে ৰাজ্য চৰকাৰ । অপেক্ষাৰ অন্ত পৰিল, কিন্তু সমগ্ৰ অঞ্চলটোক কন্দুৱাই অৱশেষত নিজৰ জন্মমাটিত ভৰি দিলেহি সমৰ বৰাৰ নিথৰ দেহে ।কৰ্মসূত্ৰে কেৰালালৈ যোৱাৰ পথত, তামিলনাডু পাৰ হওঁতেই কোনো অচিনাক্ত দুৰ্বৃত্তই চলন্ত ৰে’লৰ পৰা তললৈ ঠেলি দিছিল সমৰ বৰাক। থিতাতে কৰুণ মৃত্যু ঘটে যুৱকজনৰ । হাতত নাছিল অৰ্থ, নাছিল কোনো সম্বল । অতি দৰিদ্ৰ পৰিয়ালটোৱে বহিৰাজ্যৰ পৰা মৃতদেহটো আনিবলৈ সম্পূৰ্ণ অপাৰগ হৈ পৰিছিল ।
এনে সংকটৰ সময়তে অসম চৰকাৰৰ জনপ্ৰিয় ‘শ্ৰদ্ধাঞ্জলী’ আঁচনিৰ জৰিয়তে মৃতদেহটো স্বগৃহলৈ আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় । ডকমকা আৰক্ষী প্ৰশাসনৰ বিশেষ তৎপৰতা আৰু চৰকাৰী এই সাহায্যৰ বাবেই দুৰ্ভগীয়া পৰিয়ালে শেষবাৰৰ বাবে চাব পাৰিলে সমৰৰ মুখখন । সমৰ বৰাৰ নশ্বৰ দেহটি অতি সুকলমে স্বগৃহলৈ আনি পৰিয়ালক শেষ দেখাৰ সুযোগ কৰি দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি পৰিষদৰ চিইএম ড০ তুলিৰাম ৰংহাং, হাওৰাঘাট বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক লুনচিং টেৰণ আৰু ডকমকা আৰক্ষী প্ৰশাসনক চকুলোৰে অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে সমৰ বৰাৰ পৰিয়াল আৰু আত্মীয়ই ।ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্যজনক হেৰুৱাই এতিয়া দিশহাৰা সমৰ বৰাৰ পত্নী আৰু সন্তান । ভৱিষ্যতক লৈ এতিয়া কেৱল অন্ধকাৰ ।
ইফালে ফুলনিগাঁৱৰ ৰাইজে একগোট হৈ সমৰ বৰাৰ অন্ত্যেষ্টিক্ৰিয়াৰ সকলো ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণ কৰাৰ লগতে শ্মশান যাত্ৰাৰ সকলো ব্যৱস্থা প্ৰস্তুত কৰে । সমগ্ৰ অঞ্চলটোত বিৰাজ কৰা এক গভীৰ শোকাকুল পৰিৱেশৰ মাজতে, অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি জনাই ফুলনিবাসী ৰাইজে সমৰ বৰাৰ নশ্বৰ দেহ লৈ লাংহিনৰ ৰাজহুৱা শ্মশানলৈ শেষ যাত্ৰা কৰে । লাংহিনৰ ৰাজহুৱা শ্মশানতে ধৰ্মীয় পৰম্পৰা অনুসৰি পঞ্চভূতত বিলীন হ'ল সমৰ বৰাৰ নিথৰ দেহ । চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিয়ে কৰা সহায়ৰ বাবে পৰিয়ালে মৃতদেহটো অন্তিমবাৰৰ বাবে পালে যদিও এতিয়া ডাঙৰ প্ৰশ্ন ৰৈ গৈছে। বহিৰাজ্যলৈ যোৱা অসমীয়া শ্ৰমিকসকলৰ নিৰাপত্তা কেতিয়া সুনিশ্চিত হ’বনে তথা দোষীয়ে উচিত শাস্তি পাবনে ?
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ