তেজপুৰত সু-সাহিত্যিক দণ্ডিনাথ কলিতাক স্মৰণ
–দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান ত তেজপুৰৰ বিদ্বৎ সমাজৰ অংশ গ্ৰহণ –দণ্ডিনাথ কলিতা আৰু তদানীন্তন অসমীয়া সমাজ শীৰ্ষক বিষয়ত বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ সাৰগৰ্ভ ভাষণ প্ৰদান –দণ্ডিনাথ কলিতা ৰেডিকেল নাছিল
তেজপুৰত সু -সাহিত্যিক দণ্ডিনাথ কলিতাক স্মৰণ


–দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান ত তেজপুৰৰ বিদ্বৎ সমাজৰ অংশ গ্ৰহণ –দণ্ডিনাথ কলিতা আৰু তদানীন্তন অসমীয়া সমাজ শীৰ্ষক বিষয়ত বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ সাৰগৰ্ভ ভাষণ প্ৰদান –দণ্ডিনাথ কলিতা ৰেডিকেল নাছিল ,বিবৰ্তনবাদী পথেৰে সমাজ সংস্কাৰ কামনা কৰিছিল --ময়ূৰ বৰা

শোণিতপুৰ,১৭ মে' (হি.স.)। সু-সাহিত্যিক দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ উদ্যোগত আজি তেজপুৰত বিদ্বৎ সমাজৰ উপস্থিতিত অনুষ্ঠিত হয় চতুদৰ্শ বাৰ্ষিক দণ্ডিনাথ কলিতা স্মাৰক বক্তৃতানুষ্ঠান ।দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সভাপতি, বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰোহিত্যত বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত দণ্ডিনাথ কলিতা আৰু তদানীন্তন অসমীয়া সমাজ শীৰ্ষক বিষয়ত সাৰগৰ্ভ ভাষণ আগবঢ়াই ৰাজ্যখনৰ বিশিষ্ট চিন্তাবিদ , সমালোচক ,লেখক তথা সুবক্তা ময়ূৰ বৰাই ।সভাপতি ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ মংগলাচৰণ , জুনু দেৱীৰ বৰগীত আৰু পৰিচালন ন্যাসৰক্ষী তথা দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সম্পাদক ,লেখক নবীন চন্দ্ৰ লহকৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত আদৰণী ভাষণ আগবঢ়াই দণ্ডিনাথ কলিতাৰ পুত্ৰ , প্ৰবীণ চিকিৎসক তথা বিশিষ্ট ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতাই মূলতঃ সমাজ সংস্কাৰৰ দিশটোকে উপলক্ষ কৰি পিতৃ দণ্ডিনাথ কলিতাই সাহিত্যৰ সকলো দিশতে সৃষ্টিশীলতাৰ উন্মেষ ঘটাইছিল বুলি মন্তব্য কৰি তীব্ৰ আৰু শানিত ব্যংগৰে ৰচনা কৰা কবিতাকে ধৰি অন্যান্য লেখা সমূহতো মূলতঃ ৰক্ষণশীল সমাজৰ সংস্কাৰৰ দিশটো প্ৰতিফলিত হৈছিল বুলি মন্তব্য কৰে ।

আনহাতে মনোজ্ঞ বক্তৃতানুষ্ঠানটিত পংকজ বৰুৱাই বক্তা ময়ূৰ বৰাৰ বৰ্ণাঢ্য জীৱন আৰু কৰ্ম পৰিচিতি দাঙি ধৰাৰ পিছত নিৰ্দিষ্ট বিষয়ৰ ওপৰত আগবঢ়োৱা ভাষণত দণ্ডিনাথ কলিতাৰ লগতে আজি বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিন বাবে জাতীয় শ্বহীদ পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধা নিবেদনেৰে প্ৰাৰম্ভ কৰা স্পন্দিত বক্তৃতাৰ মাজেৰে মহীৰুঢ় দণ্ডিনাথ কলিতাৰ আশাশুধীয়া অবদানৰ স্মৰণ কৰি জাতীয় জীৱনৰ শাহ এনে ব্যক্তি প্ৰতিভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণতকৈও কৰ্মাঞ্জলি জনাব পাৰিলেহে প্ৰকৃত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হ'ব বুলি মন্তব্য কৰে ।কলিতাদেৱৰ পৰম বান্ধৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ জীৱনী গ্ৰন্থখন তেখেতৰ প্ৰগাঢ় দায়িত্ববোধৰ পৰিচায়ক বুলি মন্তব্য কৰি তদানীন্তন অসমীয়া এলান্ধু আঁতৰোৱাৰ প্ৰয়াস সাহিত্যৰ যোগেদি ওৰেটো জীৱন দণ্ডিনাথ কলিতা ডাঙৰীয়াই কৰি গৈছিল। তেখেতে জীৱনৰ আগলি ভাগত ৰচনা কৰা পৰাচিত শীৰ্ষক নাটকখন এনে দৃষ্টিৰে অধিক প্ৰাসংগিক। দণ্ডিনাথ কলিতা ৰেডিকেল নাছিল বিবৰ্তণবাদী পথেৰে তেওঁৰ সমাজ সংস্কাৰ কামনা কৰিছিল।প্ৰসংগক্ৰমে বৰাদেৱে তৰুণৰাম ফুকন আৰু চন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সমাজৰ ভিন্ন স্তৰত পৰা স্ব বিৰোধৰ প্ৰভাৱৰ কথা বিশেষভাবে উল্লেখ কৰে।

স্বভাৱসুলভ চিত্তাকৰ্ষক বক্তব্যৰে শ্ৰোতামণ্ডলীক সন্মোহিত কৰা ময়ূৰ বৰাদেৱৰ এই বক্তৃতাত তদানীন্তন সমাজখনৰ মানসিক দ্বন্দ্বৰ ব্যাখ্যাৰে অসমত ব্ৰাহ্ম ধৰ্ম, উচ্চ শিক্ষাৰ অসমীয়া সমাজ, অসম আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সম্পৰ্কে মহামানৱ মহাত্মা গান্ধীৰ উক্তি, বলিনাৰায়ন বৰাৰ অসমীয়া মহিলাৰ প্ৰতি ৰচনা কৰা তিৰুতাৰ বন কি লেখাৰ উদ্ধৃতি আদিৰে আধুনিকতাৰ আলি দোমোজাত থকা অসমীয়া সমাজখন উদ্ভাসিত কৰি তোলে।প্ৰখ্যাত সাহিত্যিক -শিল্পীৰ মনোজগতত বিচৰণ কৰা স্ব-বিৰোধিতাৰ বিদ্যায়তনিক আলোচনাৰ প্ৰয়োজন থকাৰ কথা উল্লেখ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কলাগুৰু বিষ্ণুৰাভাৰ গ্ৰেপ্তাৰৰ বেলিকা প্ৰদৰ্শন কৰা স্ববিৰোধিতাৰ লগতে অসমত মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গঙ্গাগোবিন্দ ফুকন, জগন্নাথ বৰুৱা, মানিক চন্দ্ৰ বৰুৱাৰ স্ববিৰোধী স্থিতি সম্পৰ্কে উল্লেখ কৰে। বৰাদেৱৰ ভাষণত সেইখন সমাজৰ ক্ৰীয়া - প্ৰতিক্ৰিয়াৰ চিন্তাশীল ৰূপ স্পষ্ট ৰূপত প্ৰতিভাত হয়।উল্লেখ্য যে সভাপতি ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই অনুষ্ঠানটিৰ মাজতে দণ্ডিনাথ কলিতা স্মাৰক ন্যাসৰ সকলো সদস্যক ৰাইজৰ সন্মুখত চিনাকি কৰি দিয়াৰ লগতে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত দণ্ডিনাথ কলিতাৰ দুহিতা ,বিশিষ্ট লেখিকা ড০ মাধুৰী কলিতা চৌধুৰীৰ লগতে অৰ্চনা দাসে দণ্ডিনাথ কলিতাৰ কবিতা আবৃত্তি কৰাৰ উপৰি দণ্ডিনাথ কলিতাৰ আজো নাতি , আকাশবাণী আৰু দূৰদৰ্শনৰ স্বীকৃতি প্ৰাপ্ত কন্ঠশিল্পী বন্দিতা বৰাই দণ্ডিনাথ কলিতা ৰচিত এটি সুন্দৰ গীত পৰিবেশন কৰে ।ইয়াৰ আগতে দণ্ডিনাথ কলিতাৰ পুত্ৰ তথা ন্যাস দাতা ডা০ বিশ্বৰঞ্জন কলিতা আৰু ন্যাসৰ সভাপতি ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই দণ্ডিনাথ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালৰ তৰফৰ পৰা নাতি তন্ময় কলিতা ,মৃন্ময় কলিতা ,আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ক্ৰীড়াবিদ পংকজ কুমাৰ বৰা ,নাতি বোৱাৰী মন্দাকিনী বৰা ,অনিতা কলিতা , নাতিনী ড০ ৰজিতা কলিতা মৰল ,নাতিনী জোঁৱাই প্ৰণৱ মৰল ,নাতি সুদীপ্ত কলিতা ,ন্যাসৰ সদস্য -সদস্যা ক্ৰমে -ড০ সুৰেশ কুমাৰ আৰ্য্য ,বিদ্যুৎ বিজয় মহন্ত ,ৰাণু হাজৰিকা,নগাঁৱৰ আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ দাসৰ লগতে তেজপুৰৰ বিদ্বৎ সমাজৰ মাজৰ পৰা বিশিষ্ট শিক্ষাবিদ তথা তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া ,অসমীয়া ক্লাবৰ প্ৰাক্তন সভাপতি অৰুণা দেৱী , বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি ,তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস ,উপসভাপতি দ্বীজেন নাথ ,সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য ,বিশিষ্ট বুৰঞ্জী লেখক ভূবন চন্দ্ৰ গগৈ ,সাহিত্যিক পেন্সনাৰ সুশীল কুৰ্মী ,বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞা ,সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য ,বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা , শোণিতপুৰ শিল্পী সমাজৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা , তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মনোজ কুমাৰ হাজৰিকা ,কবি দিলীপ কাকতি ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমেশ চন্দ্ৰ কলিতা , অসমীয়া ক্লাবৰ প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande