ইতিহাসৰ পাতত ১৮ মে’: যেতিয়া পোখৰাণত হোৱা পাৰমাণৱিক পৰীক্ষাই ভাৰতক বিশ্ব শক্তি হিচাপে দিলে নতুন পৰিচয়
ইতিহাসৰ পৃষ্ঠাত ১৮ মে’ ভাৰতৰ বৈজ্ঞানিক আৰু কৌশলগত সামৰ্থ্যৰ প্ৰতীক হিচাপে খোদিত হৈ আছে। ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতে ৰাজস্থানৰ পোখৰাণত প্ৰথমটো সফল ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা কৰি বিশ্ববাসীৰ আগত নিজৰ প্ৰযুক্তিগত দক্ষতা প্ৰদৰ্শন কৰিছিল। এই সাফল্যই ভাৰ
सांकेतिक।


ইতিহাসৰ পৃষ্ঠাত ১৮ মে’ ভাৰতৰ বৈজ্ঞানিক আৰু কৌশলগত সামৰ্থ্যৰ প্ৰতীক হিচাপে খোদিত হৈ আছে। ১৯৭৪ চনৰ আজিৰ দিনটোতে ভাৰতে ৰাজস্থানৰ পোখৰাণত প্ৰথমটো সফল ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা কৰি বিশ্ববাসীৰ আগত নিজৰ প্ৰযুক্তিগত দক্ষতা প্ৰদৰ্শন কৰিছিল। এই সাফল্যই ভাৰতক পাৰমাণৱিক ক্ষমতাসম্পন্ন ৰাষ্ট্ৰৰ ভিতৰত আগশাৰীৰ স্থানত ৰাখিলে।

এই পৰীক্ষাটো হাঁহি থকা বুদ্ধ (স্মাইলিং বুদ্ধা) নামেৰে জনাজাত হৈ পৰিল। ইয়াৰ বিশেষ বৈশিষ্ট্য আছিল যে সেই সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্যৰ বাহিৰে আন কোনো দেশেই এই পৰিসৰৰ পাৰমাণৱিক পৰীক্ষা কৰা নাছিল। ভাৰতৰ এই পদক্ষেপক বৈজ্ঞানিক আত্মনিৰ্ভৰশীলতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশত এক উল্লেখযোগ্য কৃতিত্ব বুলি গণ্য কৰা হৈছিল।

১৯৭২ চনত এই পাৰমাণৱিক কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰা হৈছিল। সেই সময়ত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাভা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (BARC) পৰিদৰ্শন কৰিছিল। বিজ্ঞানীসকলৰ সৈতে আলোচনাৰ সময়ত পাৰমাণৱিক পৰীক্ষণ পৰিকল্পনা আগবঢ়াই নিয়াৰ বাবে একমতত উপনীত হয়। ইয়াৰ পিছত ভাৰতীয় বিজ্ঞানীসকলে অতি গোপনীয়তাৰে এই প্ৰকল্পৰ কাম আৰম্ভ কৰে।

ৰাজস্থানৰ পোখৰাণত অনুষ্ঠিত এই পৰীক্ষাই ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সেই সময়ত ই কেৱল বৈজ্ঞানিক কৃতিত্বই নহয়, ভাৰতৰ কৌশলগত স্থিতিও শক্তিশালী কৰি তুলিছিল। কিন্তু এই পৰীক্ষাৰ ফলত অসংখ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ভাৰতে কিছু কাৰিকৰী আৰু কূটনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

ইয়াৰ পিছতো এই কৃতিত্ব ভাৰতীয় বিজ্ঞানৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ল। পাছলৈ ১৯৯৮ চনত ভাৰতে পোখৰাণত আন এক ধাৰাবাহিক পাৰমাণৱিক পৰীক্ষা চলাই বিশ্বৰ আগত নিজৰ সামৰ্থ্য আৰু অধিক প্ৰদৰ্শন কৰে। ভাৰতৰ বৈজ্ঞানিক দৃষ্টিভংগী, আত্মনিৰ্ভৰশীলতা আৰু জাতীয় শক্তিৰ প্ৰতীক হিচাপে ১৮ মে’ আজিও স্মৰণ কৰা হয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮৪৮ - জাৰ্মানীত প্ৰথম ৰাষ্ট্ৰীয় বিধানসভাৰ শুভাৰম্ভ কৰা হয়।

১৯১২ - আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি শ্ৰী পুণ্ডলিক মুক্তি পায়।

১৯৫০ - আজিৰ দিনটোতে উত্তৰ আটলাণ্টিক সন্ধি স্বাক্ষৰিত হোৱাৰ এবছৰৰ পাছত ১২খন দেশে আমেৰিকা আৰু ইউৰোপক ৰক্ষাৰ বাবে এটা স্থায়ী সংগঠনৰ ওপৰত সন্মতি প্ৰকাশ কৰে।

১৯৭৪ - ভাৰতে ৰাজস্থানৰ পোখৰাণত প্ৰথমটো ভূগৰ্ভস্থ পাৰমাণৱিক বোমা পৰীক্ষা কৰি পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰৰ শাৰীত যোগদান কৰে।

১৯৯১ - চকলেট কোম্পানী এটাৰ ৰসায়নবিদ ২৭ বছৰীয়া হেলেনে ছোভিয়েট ছয়ুজ মহাকাশযানত উঠি ব্ৰিটেইনৰ প্ৰথম মহাকাশচাৰী হিচাপে উৰা মাৰে। এটা সাঁথৰ উত্তৰ দি তাইক এই সুযোগ দিয়া হৈছিল।

১৯৯৪ - ৰাষ্ট্ৰসংঘই ১৯৯৫ চনক ৰাষ্ট্ৰসংঘৰ সহনশীলতাৰ বছৰ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।

১৯৯৪ - গাজা ষ্ট্ৰিপৰ পৰা শেষ ইজৰাইলী সৈন্য প্ৰত্যাহাৰৰ লগে লগে এই অঞ্চলত পেলেষ্টাইনৰ আত্মশাসন সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হয়।

২০০৪ - ইজৰাইলৰ ৰাফাহ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ সৈন্যই ১৯ জন পেলেষ্টাইনীক হত্যা কৰে।

২০০৬ - নেপালৰ ৰজাক কৰ জালৰ অধীনলৈ অনা হয়।

২০০৭ - কাজাখস্তানৰ ৰাষ্ট্ৰপতি নুৰচুলতান নাজাৰ ভায়েভৰ কাৰ্যকাল অনিৰ্দিষ্টকাললৈ বৃদ্ধি কৰা হয়।

২০০৮ - মধ্যপ্ৰদেশ চৰকাৰে প্লেবেক গায়ক নীতিন মুকেশক ৰাষ্ট্ৰীয় লতা মংগেশকাৰ বঁটাৰে সন্মানিত কৰে।

২০০৮ - ভাৰতীয় মূলৰ লেখিকা ইন্দ্ৰ সিনহাক এনিমেল পিপল নামৰ গ্ৰন্থৰ বাবে কমনৱেলথ বঁটাৰে সন্মানিত কৰা হয়।

২০০৯ চনত শ্ৰীলংকা চৰকাৰে তামিল বিদ্ৰোহীৰ সৈতে ২৫ বছৰীয়া যুদ্ধৰ অন্ত পৰাৰ কথা ঘোষণা কৰে। সেনাই দেশৰ উত্তৰ অংশ দখল কৰি এলটিটিইৰ মুৰব্বী ভেলুপিল্লাই প্ৰভাকৰনক হত্যা কৰে।

জন্ম

১৬৮২ - আজিৰ দিনটোতে শ্বাহু - ছাত্ৰপতি শিৱাজীৰ নাতি আৰু সম্ভুজী আৰু যীচুবাইৰ পুত্ৰ।

১৮৮১ - ৰামালিংগম চেট্টিয়াৰ - অধিবক্তা, ৰাজনীতিবিদ, আৰু সংবিধান সভাৰ সদস্য।

১৯১৪ - এছ জগন্নাথন - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দশম গৱৰ্ণৰ আছিল।

১৯৩৩ - এইচ.ডি. দেৱ গৌড়া - ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী

১৯৩৯ - সুধীৰ ৰঞ্জন মজুমদাৰ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।

১৯৪৮ - আজিৰ দিনটোতে থাৱাৰ চান্দ গেহলট - এজন ভাৰতীয় ৰাজনীতিবিদ।

১৯৫১ - জগদীপ ধনখৰ - ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।

১৯৫৯ - ফাগন সিং কুলাষ্টে - ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত এজন ৰাজনীতিবিদ।

১৯৬১ - অনিল চৌহান - ভাৰতৰ দ্বিতীয় প্ৰতিৰক্ষা মুৰব্বী।

মৃত্যু

১৯৩৪ - আজিৰ দিনটোতে মুকুন্দ দাস - এজন ভাৰতীয় বঙালী কবি, গীতিকাৰ, সংগীতজ্ঞ, আৰু দেশপ্ৰেমিক।

১৯৬৬ - পঞ্চনন মহেশ্বৰী - ভাৰতৰ এজন প্ৰখ্যাত উদ্ভিদবিদ।

২০০৯ - কৃষ্ণ পট্টাভি জয়ছ - ভাৰতৰ এগৰাকী বিখ্যাত যোগ শিক্ষক।

২০১২ - আজিৰ দিনটোতে জয় গুৰুদেৱ - এজন বিখ্যাত ধৰ্মীয় গুৰু।

২০১৭ - অনিল মাধব দৱে - ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ ৰাজ্যিক মন্ত্ৰী।

২০১৭ - ৰীমা লাগু - হিন্দী ছবিৰ এগৰাকী মেধাৱী অভিনেত্ৰী।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

-পোখৰাণ পাৰমাণৱিক বিস্ফোৰণ দিৱস (১৯৭৪)।

-আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande