
গেংটক, ১৭ মে’ (হি..)। ছিকিমলৈ এদিনীয়া আনুষ্ঠানিক ভ্ৰমণৰ পৰা উভতি আহিল উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন। ৰাজ্যৰ ৫১ সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনত অংশগ্ৰহণৰ বাবে শনিবাৰে ছিকিমত উপস্থিত হৈছিল উপ-ৰাষ্ট্ৰপতিগৰাকী।
আজি পুৱা লোকভৱনৰ পৰা ওলোৱাৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পুৰণি লোকভৱনৰ চৌহদত ৰোড’ডেণ্ড্ৰন (লালিগুৰান্স) গছপুলি ৰোপণ কৰে। এই উপলক্ষে ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ আৰু মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙো উপস্থিত থাকে। বতৰ বেয়াৰ বাবে উপ-ৰাষ্ট্ৰপতিগৰাকী ৰাষ্ট্ৰীয় ঘাইপথ ১০এ হৈ বাগডোগ্ৰা বিমানবন্দৰ (পশ্চিম বংগ) অভিমুখে ৰাওনা হয়। এয়া আছিল তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ ছিকিম।
শনিবাৰে ৰাজধানীৰ মনন কেন্দ্ৰত অনুষ্ঠিত ৫১ সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনত অংশগ্ৰহণ কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ বিভিন্ন বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ সংযোগ, শিক্ষা, পৰ্যটন, আৰু জনসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ কৰে।
আজি পুৱা উপ-ৰাষ্ট্ৰপতিৰ বিদায়ৰ পূৰ্বে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে বিধানসভাৰ অধ্যক্ষ, মন্ত্ৰী পৰিষদৰ সদস্য, লোকসভাৰ সাংসদ ইন্দ্ৰ হাং চুব্বা, মুখ্য সচিব আৰ তেলাং, আৰু ৰাজ্য প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল লোক ভৱনত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া