চিএনজিৰ মূল্য আৰু এক টকা বৃদ্ধি পাই দিল্লীত প্ৰতি কেজিত ৮০.০৯ টকা
নতুন দিল্লী, ১৭ মে’ (হি.স.)। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এনচিআৰ) তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি)ৰ মূল্য। দেওবাৰৰ পৰা কাৰ্যকৰী হ’ল এই নতুন হাৰ। শেহতীয়া বৃদ্ধিৰ লগে লগে দিল্লীৰ চিএনজি প্ৰতি কেজিত ১ ট
दिल्ली-एनसीआर में सीएनजी कीमतों में बढ़ोतरी के बाद गैस स्टेशन पर सीएनजी भरवाने के लिए खड़े वाहन। (प्रतीकात्मक फोटो)


নতুন দিল্লী, ১৭ মে’ (হি.স.)। দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (এনচিআৰ) তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি)ৰ মূল্য। দেওবাৰৰ পৰা কাৰ্যকৰী হ’ল এই নতুন হাৰ। শেহতীয়া বৃদ্ধিৰ লগে লগে দিল্লীৰ চিএনজি প্ৰতি কেজিত ১ টকাকৈ ব্যয়বহুল হৈ পৰিছে, প্ৰতি কেজিত ৮০.০৯ টকা হৈছেগৈ।

ইয়াৰ পূৰ্বে ১৫ মে’ত গেছ কোম্পানীসমূহে প্ৰতি কেজিত চিএনজিৰ মূল্য ২ টকা বৃদ্ধি কৰিছিল। একেৰাহে দ্বিতীয়বাৰৰ বাবে এই বৃদ্ধিৰ লগে লগে তিনিদিনত প্ৰতি কেজিত মুঠ ৩ টকাকৈ চিএনজি ব্যয়বহুল হৈ পৰিছে।

ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে প্ৰকাশ কৰা নতুন হাৰ অনুসৰি নয়ডা আৰু গাজিয়াবাদত চিএনজিৰ মূল্য প্ৰতি কেজিত ৮৮.৭০ টকালৈ বৃদ্ধি পাইছে। ইফালে মুম্বাইত প্ৰতি কেজিত চিএনজি বিক্ৰী হৈছে প্ৰায় ৮৪ টকা।

উল্লেখযোগ্য যে শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যও প্ৰতি লিটাৰত ৩ টকা পৰ্যন্ত বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande