গোলকগঞ্জত পুষ্পা ষ্টাইলত গৰুৰ চোৰাং সৰবৰাহ
ই ৰিক্সাৰ গোপন চেম্বাৰত চোৰাং গৰু।
গোলকগঞ্জত পুষ্পা ষ্টাইলত গৰুৰ চোৰাং সৰবৰাহ


ধুবুৰী, ১৭ মে’ (হি.স.) : নিত্য নতুন কৌশল অৱলম্বন কৰি গৰুৰ অবৈধ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে চোৰাং ব্যৱসায় । কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা আলু কঢ়িয়াই নিয়া গাড়ীত আৰু কেতিয়াবা মাছ কঢ়িয়াই নিয়া গাড়ীত পশুধনৰ চোৰাং সৰৱৰাহ অব্য়াহত ৰাখিছে । নিত্য নতুন কৌশল অৱলম্বন কৰি আহিছে গৰুৰ অবৈধ সৰবৰাহকাৰীয়ে।

ইফালে যোৱা কালি শনিবাৰে বিয়লি গোলকগঞ্জ আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত পশ্চিমবঙ্গৰ তুফানগঞ্জৰ বালাভুতৰ পৰা ধুবুৰী অভিমুখি ই ৰিক্সা এখনক আটক কৰি তালাচী চলায় । তালাচীত ই ৰিক্সাৰ গোপন চেম্বাৰত লুকুৱাই অনা দুটাকৈ চোৰাং গৰু উদ্ধাৰ কৰে। গোলকগঞ্জ আৰক্ষীয়ে লগতে ধুবুৰীৰ মাজেৰ চৰৰ বাৰেক আলী মোল্লা আৰু ভাশানী চৰৰ ওমৰ ফাৰুক নামৰ দুজন সৰবৰাহকাৰীক আটক কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande