
শিৱসাগৰ, ১৭ মে (হি.স.)। শিৱসাগৰৰ হালোৱাটিঙত পুনৰ সক্ৰিয় গৰু সৰবৰাহকাৰী চক্ৰ। হালোৱাটিং নেপালীবস্তিলৈ সৰবৰাহৰ সময়তে আৰক্ষীয়ে জব্দ কৰিছে গৰুভৰ্তী বলেৰু পিক আপ।
আমগুৰি আৰক্ষীয়ে ১০ টা গৰুসহ জব্দ কৰিছে এ এছ ০৪ চি চি ১১২৩ নম্বৰৰ বলেৰু পিকআপ।আমগুৰি আৰক্ষীৰ চকুত ধুলি দি গৰু সৰবৰাহকাৰী চক্ৰই বৃন্দাবন চাৰিআলি-চামগুৰি হৈ হালোৱাটিঙত মজুত কৰে ।হালোৱাটিঙৰ পৰা নাগালেণ্ডলৈ গোপনে সৰবৰাহ হৈ আহিছে হাজাৰ হাজাৰ গৰু।ইতিমধ্যে আমগুৰি আৰক্ষীয়ে গৰু সৰবৰাহৰ লগত জড়িত নেপালিবস্তীৰ হাইদৰ আলি, ইক্ৰামুল হুছেইন আৰুইমৰাণ আলিক আটক কৰিছে।হালোৱাটিং নেপালীবস্তিৰ এক বৃহৎ চক্ৰ নগালেণ্ডলৈ গৰু সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ