
গোলাঘাট, ১৭মে (হি.স.)। দেৰগাঁৱত ভালুকৰ মুক্ত বিচৰণ। দেৰগাঁও চকিয়াল গাঁৱত এটা প্ৰকাণ্ড ভালুকে বিচৰণ কৰি থকা দেখা গৈছে।
চিচিটিভি ত বন্দী হৈছে ভালুক বিচৰণৰ দৃশ্য। জনবসতিপূৰ্ণ অঞ্চলত ভালুকৰ মুক্ত বিচৰণে সকলোকে চিন্তিত কৰি তুলিছে । পূৰ্বেও ভালকুৰ সন্ত্ৰাস চলিছিল দেৰগাঁৱত। খাদ্য়ৰ সন্ধানত এইদৰে জনবসতিপূৰ্ণ অঞ্চলত ভালুকে মুক্ত বিচৰণ কৰি থকা বুলি সন্দেহ কৰা হৈছে।
ভালুকৰ বিচৰণক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেৰগাঁৱত ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা