
হাইলাকান্দি, ১৭ মে’ (হি.স.): কেইবাদিন ধৰি ধাৰাষাৰ বৰষুনৰ ফলত বৰাকৰ কেইবা ঠাইত বানপানীৰ সৃষ্টি হৈছিল । কাঠিগড়া সমষ্টিৰ বিভিন্ন ঠাই পানীৰ তলত বুৰ গৈছে । হাইলাকান্দি জিলাৰ পাচগ্ৰামত দক্ষিন বদৰপুৰ অঞ্চলৰ পাঁচগ্ৰামৰ আৰু হাইলাকান্দি সংযোগী পাহাড় লাইনৰ গড়কপ্তানী পথত থকা বৃহৎ এখ্ন ব্ৰীজ ভাঙি পৰিছে।
পাঁচগ্ৰাম মুকাম কুটিৰ উচৰত থকা ব্ৰীজখন ধাৰাষাৰ বৰষুনৰ ফলত মাটি খহি যোৱাত ভাঙি পৰে । ব্ৰীজ ভাঙি যোৱাত বহু অসুবিধাৰ সম্মুখীন হৈ আছে এই অঞ্চলৰ স্থানীয় ৰাইজ আৰু গাড়ী চালক সকল । ইতিমধ্যে এই পথটো হাইলাকান্দি গড়কপ্তানী বিভাগে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিছে । স্থানীয় ৰাইজে বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ ওচৰত অতি সোনকালে এই ব্ৰীজখন পুনৰ নিৰ্মাণ কৰি এই অঞ্চলত বাবে যাতায়েত ব্যৱস্থা সুচল কৰি দিয়াৰ দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ