
হাইলাকান্দি, ১৭ মে (হি.স.)। হাইলাকান্দিৰ বিজেপি বিধায়ক ড° মিলন দাসৰ ৰেলিক লক্ষ্য কৰি আপত্তিজনক মন্তব্য কৰা যুৱক গ্ৰেপ্তাৰ।লালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইকবাল হুচেইন বৰভূঞা নামৰ যুৱকজনক।ধৃত যুৱকজনৰ ঘৰ হাইলাকান্দি জিলাৰ চন্দ্ৰপুৰ গাঁৱত বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে বিধায়ক ড° মিলন দাসৰ এটা ৰেলিক উদ্দেশ্য কৰি গালি-গালাজ কৰি ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছিল অভিযুক্তই।ভিডিঅ’টোত “জয় শ্ৰী ৰাম ন’চলিব” বুলি মন্তব্য কৰাৰ অভিযোগ উঠিছে। ঘটনাক কেন্দ্ৰ কৰি বিজেপি যুৱ মৰ্চাৰ সদস্যসকলে লালা থানাত গোচৰ ৰুজু কৰে।সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰে।ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ