
গোলাঘাট, ১৭ মে’ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষীৰ ভাগ্যক্ৰমে হাতত পৰে এজন ভুৱা অসম আৰক্ষী । কেঁচু খান্দোতে ওলাল সাপ । চালকৰূপী এজন ভুৱা অসম আৰক্ষী লোক ধৰা পৰে । শুক্ৰবাৰে নিশা দেৰগাঁও বালিজানত সংঘটিত হয় এক পথ দুৰ্ঘটনা । বেয়াকৈ দুৰ্ঘটনাগ্ৰস্থ হৈছিল এখন থাৰ বাহন । গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয় বাহন খনত থকা এক মাত্ৰ চালকজন । ইফালে নিশাই দেৰগাঁও আৰক্ষীয়ে চিকিৎসালয়ত উন্নত চিকিৎসা কৰাইছিল থাৰ খনৰ চালক জনক । স্বাস্থ্য উন্নত হোৱাত সোধ পোচৰ বাবে দেৰগাঁও আৰক্ষী থানালৈ লয় অনা হয় চালক জনক ।
ইফালে যোৱা শনিবাৰে কালি দিনযোৰা জেৰাৰ পিছত সন্ধিয়ালে পোহৰলৈ আহে বহু বিস্ফোৰক তথ্য। চালকজনৰ মানি পাৰ্চৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন ভুৱা আৰক্ষীৰ পৰিচয় পত্ৰৰ লগতে আৰু ১৯ খনকৈ পৃথক পৃথক পৰিচয় পত্ৰ, কেইবাখনো পান কাৰ্ড, নগদ ১৩,২০০/-টকা, কেইবাখনো বেংকৰ চেক, ৩ খন পুৰণি পাঁচশ টকাৰ নোট, এখন আমেৰিকান ডলাৰ আৰু এটা মোবাইল ফোন। একেজন ব্যক্তিৰ ১৯ খনকৈ পৰিচয় পত্ৰ দেখি চকু কপালত উঠে দেৰগাঁও আৰক্ষীৰ । পৰিচয় পত্ৰৰ মতে তেওঁ তেজপুৰৰ আলোক কুমাৰ নাথ । আৰক্ষীৰ জেৰাৰ স্বত্তেও মুখ খোলা নাই তথা মোবাইলৰ লক খুলি দিবলৈ অমান্তি হয় ভুৱা আৰক্ষীৰূপী চালকজন।প্ৰকৃততে ব্যক্তিজন কি কামৰ লগত জড়িত, আৰক্ষীৰ অধিক তদন্তৰ পাছতহে সেই কথা পোহৰলৈ আহিব । সম্প্ৰতি তেওঁ দেৰগাঁও আৰক্ষী থানাৰ আলহী হৈ আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ