বোকাজানৰ পুৰণি লাহৰিজান আৰক্ষীৰ বৃহৎ সফলতা
বোকাজানৰ পুৰনি লাহৰিজান আৰক্ষীৰ বৃহৎ সফলতা।
বোকাজানৰ পুৰণি লাহৰিজান আৰক্ষীৰ বৃহৎ সফলতা


কাৰ্বি আংলং, ১৭ মে’ (হি.স.): কাৰ্বি আংলং জিলাৰ বোকাজানৰ পুৰণি লাহৰিজান আৰক্ষীয়ে অবৈধ মাদক দ্ৰব্য়ৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা । পুৰণা লাহৰিজানত প্ৰায় ৫০ লক্ষ্যাধিক টকাৰ বুজন পৰিমাণৰ কানীসহ আটক কৰিছে এটা সৰবৰাহকাৰী ।

প্ৰাপ্ত তথ্য়মতে, যোৱা কালি শনিবাৰে বিয়লি ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজান পহৰা চকীৰ অধীনস্থ নিয়মীয়া নাকা তালাচীত আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য ভিত্তিত তালাচী অভিযান চলাই মণিপুৰ দিশৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা জিজে ০২ ডিপি ৭০২২ নম্বৰৰ এখন বিলাসী বাহন (TATA HARRIER) ত তালাচী চলায় । বাহনখনত অতি সংগোপনে চালকৰ চিটৰ তলত লুকুৱাই অনা অৱস্থাত ১০টা পেকেটত প্ৰায় ৯ কেজি ৮০৩ গ্ৰাম কানী আৰক্ষীয়ে তালাচী কালত জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কানি সৰবৰাহৰ লগত জড়িত অভিযোগত জগদীশ ৰাম নামৰ এটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande