
বৰপেটা, ১৭ মে’ (হি.স.)। বৰপেটা আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত প্ৰবঞ্চক । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ পৰা প্ৰবঞ্চনাৰে লাখ লাখ টকা আত্মসাত কৰা প্ৰৱঞ্চকটো ধৰ্মেশ্বৰ ৰয় ওৰফে জিতু ৰয় বুলি জানিব পৰা গৈছে ।
বৰপেটাৰ এগৰাকী যুৱতীৰ সতে প্ৰথমে ফেচবুকত চিনাকী হৈ পৰবৰ্তী সময়ত চাকৰি দিয়াৰ প্ৰলোভনেৰে এই প্ৰবঞ্চকটোৱে আদায় কৰিছিল দহ লাখতকৈও অধিক টকা । ফেচবুকত কেতিয়াবা বিশিষ্ট ব্যৱসায়ী, কেতিয়াবা ঠিকাদাৰ, কেতিয়াবা অফিচাৰ বুলি প্ৰফাইলত পৰিচয় দি ওএলএক্সত গাড়ী বিক্ৰী কৰা, গাড়ী ভাড়া দিয়া, চাকৰি দিয়াৰ প্ৰলোভন দি বহু লোকৰ পৰা ধন আত্মসাত কৰিছিল এই প্ৰবঞ্চকটোৱে ।
বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে প্ৰবঞ্চকটোক গ্ৰেপ্তাৰৰ কৰাৰ পিছত পোহৰলৈ আহিছে বহু তথ্য । প্ৰবঞ্চকটোৰ বিৰুদ্ধে পাণবজাৰ, লতাশিল, পল্টনবজাৰ, চানমাৰী, বশিষ্ঠ, দিশপুৰ, নুনমাটিকে আদি কৰি বিভিন্ন থানাত ৰজু হৈ আছে প্ৰৱঞ্চনাৰ ২২ টাকৈ গোচৰ ।
এই প্ৰবঞ্চকটোৰ জালত পৰি ইতিমাধ্যে সৰ্বস্বান্ত হৈছে ৰাজ্যৰ বহুলোক । বৰপেটাৰ আৰক্ষীয়ে প্ৰবঞ্চকটোৰ বিৰুদ্ধে ১৫৯/২৬ নম্বৰত এটা গোচৰ ৰজূ কৰি ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত ৬১(২), ৩১৯/৩১৮/৩১৬/৩৫৬ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি ন্যায়ালয়ৰ অনুমতি সাপেক্ষে চাৰিদিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈ সোধাপোছা অব্যাহত ৰাখিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা