মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ঘোষণা পাকিস্তানৰ দল, উভতি আহিছে ডায়েনা বেইগ
নতুন দিল্লী, ১৬ মে’(হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মহিলা টি-২০ বিশ্বকাপ ২০২৬ আৰু ইয়াৰ পূৰ্বে আয়াৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় টি-২০ শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। আয়াৰলেণ্ড, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২৮ মে’ৰ পৰা ৪ জু
फातिमा सना


নতুন দিল্লী, ১৬ মে’(হি.স.)। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মহিলা টি-২০ বিশ্বকাপ ২০২৬ আৰু ইয়াৰ পূৰ্বে আয়াৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ত্ৰিৰাষ্ট্ৰীয় টি-২০ শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। আয়াৰলেণ্ড, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২৮ মে’ৰ পৰা ৪ জুনলৈকে ডাবলিনত অনুষ্ঠিত হ’বলগীয়া এই ত্ৰিৰাষ্ট্ৰীয় শৃংখলাটোক বিশ্বকাপৰ প্ৰস্তুতি হিচাপে দেখা গৈছে।

ফাতিমা ছানাক পুনৰবাৰ পাকিস্তান দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে, প্ৰথমবাৰৰ বাবে মহিলা টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিব আইমান ফাতিমা, নাটালিয়া পাৰভেজ, ৰমীন ছামিম, ছাইৰা জাবিন আৰু তাছমিয়া ৰুবাবে।

শেহতীয়াকৈ জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে দলৰ পৰা কেৱল এম্বাৰ কাইনাটক বাদ পৰাৰ বিপৰীতে অভিজ্ঞ বেগী বলাৰ ডায়েনা বেইগ ঘূৰি আহিছে। তদুপৰি ছয়গৰাকী খেলুৱৈক ৰিজাৰ্ভ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

পাকিস্তানৰ দল : ফাতিমা ছানা (অধিনায়ক), আলিয়া ৰিয়াজ, আয়েছা জাফৰ, ডায়েনা বেইগ, আইমান ফাতিমা, গুল ফেৰোজা, ইৰাম জাভেদ, মুনিবা আলী (উইকেটকীপাৰ), নাশ্ৰা সান্ধু, নাটালিয়া পাৰভেজ, ৰমীন ছামিম, সদিয়া ইকবাল, ছাইৰা জাবীন, তাছমিয়া ৰুবাব, আৰু টুবা হাছান।

ৰিজাৰ্ভ খেলুৱৈ : এম্বাৰ কাইনাট, মমিনা ৰিয়াছাত, সাদাফ ছামাছ, ছিদ্ৰা আমিন, চৈয়দা আৰুব শ্বাহ, আৰু উম্ম-ই-হানি।

২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপত পাকিস্তানৰ মেচ: ১৪ জুন: ভাৰত বনাম পাকিস্তান, বাৰ্মিংহাম; ১৭ জুন : পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা, বাৰ্মিংহাম; ২০ জুন : পাকিস্তান বনাম বাংলাদেশ, চাউথমপটন; ২৩ জুন : পাকিস্তান বনাম অষ্ট্ৰেলিয়া, হেডিংলি; ২৭ জুন : পাকিস্তান বনাম নেদাৰলেণ্ড, ব্রিষ্টল

বিশ্বকাপৰ পূৰ্বে পাকিস্তানৰ দলটোৱে দুখন অনুশীলন মেচও খেলিব। প্ৰথমখন মেচ ৬ জুনত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু দ্বিতীয়খন খেল ৯ জুনত ডাৰ্বিত স্কটলেণ্ডৰ বিৰুদ্ধে। ১৪ জুনত বাৰ্মিংহামৰ এডগবাষ্টনত প্ৰধান প্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে পাকিস্তানে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।

উল্লেখযোগ্য যে শেহতীয়াকৈ পাকিস্তানৰ দলটোৱে ঘৰুৱা ক্ষেত্ৰত জিম্বাবুৱেৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ ক্লীন ছুইপ সম্পূৰ্ণ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande