মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘোঙৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকক
বাক্সা, ১৬ মে (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সোঁত। ঘোঙৰ বিচৰণে আমোদ দিছে পৰ্যটকক। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান খনলৈ সোঁত বৈছে দেশী-বিদেশী পৰ্যটকৰ। মানাহ ৰাষ্ট্ৰীয
মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘোঙৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকক


বাক্সা, ১৬ মে (হি.স.)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সোঁত। ঘোঙৰ বিচৰণে আমোদ দিছে পৰ্যটকক। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যান খনলৈ সোঁত বৈছে দেশী-বিদেশী পৰ্যটকৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটক সকলক আমোদ দিছে ব্লেক পেন্থাৰ অথবা ঘোঙৰ বিচৰণে। পৰ্যটক সকলে শাৰী পাতি কেমেৰাত আবদ্ধ কৰিছে ঘোঙৰ মুক্ত বিচৰণৰ দৃশ্য।

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘকে ধৰি বিভিন্ন জীৱ -জন্তুৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকতিৰ সংখ্যা। মানাহলৈ অহা পৰ্যটক সকলে সঘনাই বাঘকে ধৰি ভিন্ন জীৱ জন্তু, চৰাই চিৰিকতিৰ মুক্ত বিচৰণ নিচেই কাষৰ পৰাই প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande