কামৰূপৰ বংশৰৰ অভয়পুৰীয়া পামত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা
কামৰূপ, ১৬ মে’ (হি.স.)। কামৰূপৰ বংশৰৰ অভয়পুৰীয়া পামত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিমিখতে জুইত জাহ গ’ল চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ। বংশৰ অভয়পুৰীয়া পাম নিবাসী উমেশ দাসৰ পুত্ৰ জগদীশ দাসৰ বাসগৃহত এই জুইৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে উমেশ দাস নৱ দাস
কামৰূপৰ বংশৰৰ অভয়পুৰীয়া পামত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা


কামৰূপ, ১৬ মে’ (হি.স.)। কামৰূপৰ বংশৰৰ অভয়পুৰীয়া পামত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। নিমিখতে জুইত জাহ গ’ল চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ। বংশৰ অভয়পুৰীয়া পাম নিবাসী উমেশ দাসৰ পুত্ৰ জগদীশ দাসৰ বাসগৃহত এই জুইৰ সূত্ৰপাত হয়। ইয়াৰ পিছতে উমেশ দাস নৱ দাস ওচৰৰ চুবুৰীয়া অৰূপ দাসৰ বাসগৃহ জুইয়ে চানি ধৰে।

এই ভয়াৱহ অগ্নিকাণ্ডত ঘৰৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আচবাবৰ লগতে পাটৰ তাতঁশাল জুইয় জাহ যায়। চাৰিও টা পৰিয়ালৰ প্ৰায় ৭০ লক্ষ্যধিক টকাৰ ক্ষয় ক্ষতি হয়। জুইৰ সূত্ৰপাত বৰ্তমানলৈ কোনো জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ খৱৰ ভিত্তিত শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ জুই নুমুওৱা বাহনৰ লগতে হাজোৰ পৰা এখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande