
নগাঁও, ১৬ মে (হি.স.)। নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মূল অভিযুক্ত পথ দুৰ্ঘটনাত আহত । কালি নিশা নগাঁৱৰ বৰঘাটত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ।গুৰুতৰভাৱে আহত ডকাইতটো হৈছে ৰাজিবুৰ ৰহমান ।ৰাজিবুৰক লৈ নগাঁও আৰক্ষীয়ে সোণ বিচাৰি চলাইছিল অভিযান ।অভিযানৰ সময়তে আৰক্ষীৰ বাহনত খুন্দা মাৰে আন এখন বাহনে ।যাৰফলত গুৰুতৰভাৱে আহত হয় ডকাইত ৰাজিবুৰ ৰহমান ।এই দুৰ্ঘটনাত নগাঁও আৰক্ষীৰ দুই জোৱানসহ বিষয়া বিমান গগৈও আহত হয় ।ডকাইত ৰাজিবুৰৰ দুয়োখন ভৰি ক্ষত-বিক্ষত হোৱাৰ সন্দেহ ।সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰাজিবুৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ