
কামৰূপ, ১৬ মে (হি.স.)। ৰঙিয়াত অবৈধ কাঠৰ মিলৰ শ্ৰমিক এজন দুৰ্ঘটনা গ্ৰস্ত হৈ মৃত্যু । মৃত লোকজন হৈছে ৰঙিয়াৰ বৰ লেছাকোনাৰ মাধৱ কলিতা । ৫০ বছৰীয়া মাধৱে কাঠৰ মিলত ট্ৰেক্টৰৰ পৰা গছৰ কুণ্ডা নমাই থাকোতে তেওঁৰ ওপৰত কুণ্ডা বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । লগে লগে মাধৱক হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব দিয়ে । ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালে অবৈধ মিলটোৰ গৰাকী জাকিৰ হুছেইনৰ বিৰুদ্ধে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ।
মিলটোত দুৰ্ঘটনা গ্ৰস্ত হৈ মৃত্যু হোৱাৰ পিছত আৰক্ষীক জনোৱাৰ পৰিবৰ্তে মিলটোৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপিত হৈছে । জাকিৰ হুছেইনে মাধৱৰ মৃত্যুৰ পিছত মৃতদেহটো ঘৰত থৈ অহাৰ লগতে ঘটনাটো সন্দৰ্ভত আৰক্ষীক নজনাবলৈ কয় । ইফালে ঘটনাটোৰ পিছতে পলায়ন কৰে জাকিৰ হুছেইনে । আনহাতে আৰক্ষীয়ে অবৈধ কাঠৰ মিলটোৰ মেচিনসহ যন্ত্ৰ-পাতি জব্দ কৰি আনে । কিন্তু দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেক্টৰখনৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে । এক সূত্ৰৰ পৰা জানিব পাৰি মতে ট্ৰেক্টৰখনৰ কোনো বৈধ নথি-পত্ৰ নাই । আনফালে দীৰ্ঘদিন ধৰি মিলটো অবৈধভাৱে চলাই থকাৰ পিছতো ৰঙিয়াস্থিত উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ে কোনো ব্যৱস্থা নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু